আহোম ৰজাসকলৰ চমু পৰিচয় (তৃতীয় খণ্ড)

চ্যুপিমফা ৰজাৰ মৃত্যুৰ পাছত পুত্ৰ চ্যুহুঙমুঙ ৰজা হয়।তেখেতে হিন্দু নাম 'স্বর্গনাৰায়ণ' লয়।ইয়াৰ পাছৰে পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি সম্বোধন কৰা দেখা যায়।

১৪)চ্যু-হুঙ-মুঙ(১৪৯৭-১৫৩৯)

বুঢ়াগোহাঁই- ফন লুঙ খাম ফে পং, ত্যাও চুঙ্গ ৰাই,লাঙি ধুপুৰা

বৰগোহাঁই - ফ্রা চেং মুঙ, কি লিং খাম, তন খাম, লাই লাঙ্গ

বৰপাত্ৰগোহাঁই- কন চেং


দিহিঙীয়া ফৈদৰ আটাইতকৈ শক্তিশালী ৰজা আছিল বাবে তেখেতক 'দিহিঙীয়া ৰজা' বুলিও জনা যায়।তেওঁ আহোমৰ ৰাজধানী চৰগুৱাৰ পৰা বকতালৈ তুলি আনে।বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদৰ সমময্যদাকৈ 'বৰপাত্ৰগোহাঁই' পদৰ সৃষ্টি কৰি চ্যুপিমফা ৰজাৰ সৰু ৰাণীৰ পুত্ৰ ছেঙলুঙক নগাচাঙৰ পৰা আনি প্ৰথমজন বৰপাত্ৰগোহাঁই পাতে।এইজনকেই কনচেং বৰপাত্ৰগোহাঁই নামেৰে জনা যায়।

১৫১৩ চনত চুতীয়া ৰজা ধীৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে।যুদ্ধত চুতীয়াসকল পৰাস্ত হয়।

১৫২০ ত পুনৰ তেওঁলোকে আহোম ৰাজ্যত লুট পাত চলাই।

১৫২২ ৰ পৰা ১৫২৬ ৰ ভিতৰত আহোম সেনাপতি ফ্রাচেংমুঙে চুতীয়াসকলৰ লগত যুদ্ধ কৰি তেওঁলোকক সম্পূৰ্ণৰূপে দমন কৰে। শেষ যুদ্ধত চুতীয়া ৰজা নীতিপালৰো মৃত্যু হয়।চুতীয়া ৰাণী সতী সাধনীয়ে কোলাত কেঁচুৱাৰ সৈতে পৰ্বতৰ ওপৰৰ পৰা জাপ দি আত্মহত্যা কৰে।চুতীয়া ৰাজ্য আহোম ৰাজ্যত চামিল হয়।

এই গৰাকী বীৰংগনাৰ স্মৃতিতে প্ৰতি বছৰে তেখেতৰ মৃত্যু দিনটোক, ২১ এপ্ৰিল, সতী সাধনী দিৱস হিচাপে পালন কৰা হয়

পাছত আহোম ৰজাই চুতীয়া ৰাজ্যৰ শদিয়া অঞ্চল শাসনৰ বাবে 'শদিয়াখোৱা গোহাঁই' পদৰ সৃষ্টি কৰে।বৰগোহাঁই ফ্রাচেংমুঙ আছিল প্ৰথমজন শদিয়াখোৱা গোহাঁই।

১৫২৬ চনত আহোম কছাৰী যুদ্ধ হয় । প্ৰথমে কছাৰী জয়ী হয় যদিও ১৫৩১ চনত আহোমে কছাৰী ৰাজ্যৰ ডিমাপুৰ পৰ্যন্ত দখল কৰে । ৰজা খুনখৰা ৰাজধানী এৰি পলাই যায়। চুহুংমুঙ ৰজাই ডেটচুঙ্গ নামৰ কছাৰী কোৱঁৰ এজনক ৰজা পাতি কছাৰী ৰাজ্য আহোমৰ তলতীয়া কৰি আহে।১৫৩৬ ত পুনৰ ডেটচুঙে আহোম ৰাজ্য আক্ৰমণ কৰাত এইবাৰ ৰজাই ডেটচুঙক হত্যা কৰি কছাৰী ৰাজ্য আহোমৰ শাসনাধীন কৰে।

কছাৰী ৰাজ্য শাসনৰ বাবে 'মৰঙীখোৱা গোহাঁই' পদৰ সৃষ্টি কৰে।

দিহিঙীয়া ৰজাৰ ৰাজত্ব কালতেই মোগলে তিনিবাৰকৈ আহোম ৰাজ্য আক্ৰমণ কৰিছিল।তেওঁ বাৰভূঞা সকলকো দমন কৰিছিল।

প্ৰথম অৱস্থাত আন আন যুদ্ধত লাগি থকাৰ বাবে আহোমে মোগলক ৰুধিবলৈ কোনো ব্যৱস্থাই লোৱা নাছিল।মোগলে চল পাই কলীয়াবৰলৈকে উজাই আহে।১৫৩২ ত হোৱা কছোৱাৰ যুদ্ধত মোগল সেনাপতি তুৰ্বকৰ হাতত আহোম সেনাপতি ফ্ৰাচেংমুঙৰ মৃত্যু হয়।তেওঁৰ মৃত্যুৰ পাছত পত্নী মূলাগাভৰু আৰু জী খাম পেত গাভৰুৱেও নাৰী বাহিনী লৈ মোগলৰ বিৰুদ্ধে যুঁজ কৰি প্ৰাণ ত্যাগ কৰে।১৫৩৬ ত ফ্রাচেঙমুঙৰ পুত্ৰ তন খাম, কোঁৱৰ চ্যুক্লেন আৰু কনচেং বৰপাত্ৰগোহাঁইয়ে মোগলক পৰাস্ত কৰে।কনচেং বৰপাত্ৰগোহাঁইৰ হাতত তুৰ্বকৰ মৃত্যু হয়। আহোম সৈন্যই খেদি খেদি মোগলক কৰতোৱা নদী পাৰ কৰি থৈ আহে।

এই আক্ৰমণত আহোমে বহু মোগল সৈন্যক বন্দী কৰি আনিছিল।ৰজাই পাছত তেওঁলোকক বাচন বৰ্তন বনোৱা কামত নিয়োগ কৰে । তেওঁলোককেই মৰীয়া বুলি জনা যায়।মোগলৰ এই যুদ্ধৰ পাছৰ পৰাই আহোমে খাৰ-বাৰুদ আৰু বৰটোপৰ ব্যৱ্হাৰ শিকে (?)

দিহিঙীয়া ৰজাৰ কালতেই আহোম ৰাজ পৰিয়ালক চাৰিটা ফৈদত ভাগ কৰা হয় ---- দিহিঙীয়া, টিপমীয়া,চাৰিঙীয়া আৰু টুঙখঙ্গীয়া।

তেওঁৰ দিনতেই শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।তেওঁৰ দিনতে আহোমে বছৰ গণনা কৰিবলৈ টাই ধৰ্মৰ আইজোতাৰ পৰিবৰ্তে হিন্দুৰ শকাব্দ গ্ৰহণ কৰে।অসমত প্ৰথম বাৰৰ বাবে লোকপিয়ল হয় (অৱশ্যে আজিৰ দৰে নহয়)।

১৫৩৯ চনত নিজ পুত্ৰৰ চক্ৰান্তত চ্যুহুংমুঙ ৰজাৰ মৃত্যু হয়।

১৫)চ্যু ক্লেন মুঙ(১৫৩৯-১৫৫২)

বুঢ়াগোহাঁই-নাঙ নাই, লা পেত, ত্যাও ফ্রঙ ডাম, আই খেক

বৰগোহাঁই-তন খাম

বৰপাত্ৰগোহাঁই-কন চেং


চ্যুহুংমুঙৰ পাছত পুত্ৰ চ্যুক্লেনমুঙ ৰজা হয়। 

তেওঁ আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাওঁলৈ তুলি আনে বাবে তেওঁক 'গড়গঞা ৰজা' নামেৰে জনা যায়।তেঁৱেই গড়গাঁও পুখুৰী আৰু নগা আলি বনুৱাইছিল।

Image taken from Google

তেওঁৰ সময়তে প্ৰথম আহোম আৰু কোঁচৰ যুদ্ধ হয়।১৫৪৬ চনত কোঁচ সেনাপতি বীৰ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। 

চ্যুক্লেনমুঙৰ বৰকুঁৱৰী চাও চিং কুঁৱৰীও ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত পাৰদৰ্শী আছিল। গড়গাঁও ৰাজধানী নিৰ্মাণত তেখেতৰ যথেষ্ট অৱদান আছিল (গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসটো তেওঁৰ নামেৰেই নামাকৰণ কৰা হৈছে)।

গড়গঞা ৰজাৰ দিনৰ পৰাই আহোম ৰাজ্যত মুদ্ৰাৰ প্ৰচলন হয়। আহোম মুদ্ৰাবোৰ অষ্টকোণীয়া আছিল।


১৬)চ্যু খাম ফা(১৫৫২-১৬০৩)

বুঢ়াগোহাঁই-চাও পেত,আই খো ৱা

বৰগোহাঁই-তন খাম,খাম চিং, লে চাই ডাং

বৰপাত্ৰগোহাঁই-বলিয়া


চ্যুখামফা ছ্যুক্লেনমুঙৰ পুত্ৰ আছিল।হাতীৰ পৰা পৰি ভৰি এখন বেয়া হোৱা বাবে তেওঁক 'খোৰা ৰজা' বুলি জনা যায়।তেওঁৰ দিনত পুনৰ আহোম কোঁচৰ যুদ্ধ হয়। আহোম পৰাস্ত হয় আৰু চিলাৰায়ে গড়গাঁও অধিকাৰ কৰে ।

১৫৬৩ চনত চিলাৰায় আৰু আহোম ৰজা ছ্যুখামফাৰ মাজত এখন সন্ধি হৈছিল। এইখনকে মাজুলী সন্ধি বুলি জনা যায়। পুনৰ ১৫৬৬ ৰ পৰা ১৫৭০ ৰ ভিতৰত আহোম কোঁচৰ যুদ্ধ হয়। এইবাৰ আহোমে বিজয় লাভ কৰি আগৰ হেৰুৱা অংশ উদ্ধাৰ কৰি লয়।

১৫৮১ চনত চিলাৰায়ৰ মৃত্যুৰ পাছত কোঁচ ৰাজ্য দুৰ্বল হৈ পৰে।১৫৮৫ চনত কোঁচ বিহাৰৰ ৰজা লক্ষীনাৰায়ণে নিজৰ জীয়েক সংকলাক চ্যুখামফালৈ বিয়া দি মিত্ৰতা কৰে।

তেওঁৰ সময়তেই অসমত বৈষ্ণৱ ধৰ্ম বিয়পি পৰে।

১৭)চ্যু ছেন ফা(১৬০৩-১৬৪১)

বুঢ়াগোহাঁই- থক বক, শুকুলা হুদু

বৰগোহাঁই-খাম পেত, চেঙ মুঙ, খাম চিন, সোলা, বেকা, সৰুবুঢ়া,পিলিঙা

বৰপাত্ৰগোহাঁই-ওলেযোৱা,মৰাণ লাকু


ছ্যুখামফাৰ পাছত পুত্ৰ চ্যুছেনফা সিংহাসনত বহে।হিন্দু ধৰ্ম অনুসৰি তেওঁ প্ৰতাপ সিংহ নাম লয়।ৰাজনৈতিক বিচক্ষণতা , সামাজিক আৰু সাংগঠনিক পাৰদৰ্শিতাৰ বাবে তেওঁক 'বুদ্ধিস্বর্গনাৰায়ণ' নামেৰেও জনা যায়।

ৰজা হোৱাৰ পাছতেই আহোম-কছাৰী যুদ্ধ হয়।সেইসময়ত জয়ন্তীয়া ৰাজ্য কছাৰীৰ তলতীয়া আছিল।জয়ন্তীয়া ৰজা যশমাণিকে কছাৰীৰ বশ্যতা স্বীকাৰ নকৰি আহোমৰ লগ লাগে।তেওঁ নিজৰ জীক প্ৰতাপ সিংহলৈ বিয়া দি মিত্ৰতা স্থাপন কৰে।এই কথা কছাৰী ৰজা শত্ৰুদমনে গম পাই বিয়াত বাধা দিয়াৰ চেষ্টা কৰে।ফলত আহোম কছাৰীৰ যুদ্ধ আৰম্ভ হয়।যুদ্ধত প্ৰথমে আহোম জয়ী হয় যদিও কাছাৰীয়ে হঠাৎ আক্ৰমণ কৰি আহোম সেনাপতি সুন্দৰ গোহাঁইকে ধৰি বহু আহোম সৈন্যক হত্যা কৰে।প্ৰায় একে সময়তে মোগলেও আক্ৰমণ কৰাত প্ৰতাপ সিংহই বুদ্ধিৰে কাম লয়।তেওঁ কছাৰী ৰজালৈ ডাঙৰীয়া এজনৰ জীক বিয়া দি মিত্ৰতা স্থাপন কৰে।

১৬১৬ চনত আহোম-মোগলৰ যুদ্ধ হয় । এই যুদ্ধ ভৰালিমুখত হৈছিল।যুদ্ধত মোগল সেনাপতি আবুবকৰৰ মৃত্যু ঘটে।মোগল সেনাও বিধস্ত হয়। আহোমে মোগলৰ পৰা কোঁচ-হাজো উদ্ধাৰ কৰি বলীনাৰায়ণক তাৰ ৰজা পাতে।

এই যুদ্ধৰ পাছতেই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰু সৰু জনজাতীয় ৰাজ্যবোৰে মোগলৰ লগত যুঁজিবলৈ আহোমৰ লগত লগ লাগে।

১৬১৭ ত হোৱা হাজো যুদ্ধত আহোম পৰাস্ত হয়।১৬১৯ ত আহোমে মোগলৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীহাট দখল কৰে।পুনৰ মোগলে হাজো আক্ৰমণ কৰি দখল কৰে।১৬৩৫ চনৰ ৰণত আহোম বিজয়ী হৈ হাজো উদ্ধাৰ কৰে।মোগল নৌ বাহিনী শুৱালকুছিলৈকে পিছুৱাই যায়।

এনেদৰে কেইবাখনো সৰু-ডাঙৰ যুদ্ধৰ পাছত ১৬৩৯ ত কলিয়াবৰত আহোম-মোগলৰ মাজত এখন সন্ধি হয়।সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰ আলি আহোম-মোগলৰ সীমা নিৰ্ধাৰণ কৰা হয়।সেইসময়ত মোগল সম্ৰাট আছিল ছাহজাহান। 

কলীয়াবৰৰ নামনি অংশ শাসনৰ বাবে প্ৰতাপ সিংহই 'বৰফুকন' পদৰ সৃষ্টি কৰে।প্ৰথম জনা বৰফুকন আছিল লাঙী পানীসিয়া।

তেওঁৱেই 'বৰবৰুৱা' পদ সৃষ্টি কৰি মোমাই তামুলীক  প্ৰথমজনা বৰবৰুৱা পাতে।

প্ৰতাপ সিংহই পাইক প্ৰথা প্ৰচলন কৰি আৰু গাওঁবিলাক নতুনকৈ নিৰ্মাণ কৰি সামাজিক গাঁথনি উন্নত কৰি তোলে।এই ক্ষেত্ৰত মোমাই তামুলী বৰবৰুৱাৰ অৱদান যথেষ্ট।তেওঁ কলীয়াবৰৰ ওচৰত নতুনকৈ এখন গাওঁ পাতি নগাঁও নাম দিছিল।সেই গাঁওৰ পৰাই বৰ্তমানৰ নগাঁও জিলাৰ নাম হৈছে।

প্ৰতাপ সিংহৰ দিনৰে পৰা ব্ৰহ্মোত্তৰ আৰু দেৱোত্তৰ ভূমি দানৰ নিয়ম প্ৰচলন হয়।

১৮)চ্যু ৰম ফা(১৬৪১-১৬৪৪)

বুঢ়াগোহাঁই-শুকুলা হুদু,সৰিয়হ,

বৰগোহাঁই- সৰুবুঢ়া

বৰপাত্ৰগোহাঁই-লাকু


প্ৰতাপ সিংহৰ পাছত পুত্ৰ চ্যুৰমফা ৰজা হয়। তেওঁক 'ভগা ৰজা' বুলিও কোৱা হয়।

এইজন ৰজাই চুতীয়া মানুহ এজনক হত্যা কৰি মানুহগৰাকী লৈ আহিছিল। চুতীয়া তিৰোতাগৰাকীয়ে লগত এটা লৰা লৈ আনিছিল। ৰজাৰ পুত্ৰ নথকাত তাকেই ৰজা পাতিবলৈ মন মেলিছিল। কিন্তু ৰজা হোৱাৰ আগতেই লৰাটোৰ মৃত্যু হয়।ৰজাই লৰাটোৰ মৈদাম দিবলৈ ডাঙৰীয়াসকলৰ একোটাকৈ লৰা বিচাৰিছিল।এই কথাত ডাঙৰীয়াসকল অসন্তুষ্ট হৈ তেওঁক সিংহাসনচ্যুত কৰি পাছত হত্যা কৰে।
ভগা ৰজাৰ দিনতেই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।এই হত্যাকাণ্ডই পাছলৈ মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ হৈ পৰিছিল।

তেখেতৰ দিনতে শলগুৰি আলি নিৰ্মাণ হয়।

১৯)চ্যু তিন ফা(১৬৪৪-১৬৪৮)

বুঢ়াগোহাঁই- শুকুলা হুদু,সৰিয়হ,হাতীপোৱালি

বৰগোহাঁই-সৰুবুঢ়া,চপৰাখোৱা

বৰপাত্ৰগোহাঁই-লাকু,টেমা বানচঙীয়া


চ্যুৰমফাৰ পাছত ভাতৃ চ্যুতিনফা ৰজা হয়।ৰুগীয়া হোৱা বাবে তেওঁক 'নৰীয়া ৰজা' বুলি জনা যায়।

অহংকাৰী মনোভাৱৰ বাবে তেওঁ ডাঙৰীয়া সকলৰ প্রিয় নাছিল।প্ৰায়ে বেমাৰত পৰি থকা বাবে পুতেককেইজনে ৰজাৰ দৰে চাল চলন কৰিছিল।তেওঁলোকৰ ব্যৱহাৰত ডা-ডাঙৰীয়াসকলকে ধৰি ৰাজ্যৰ বহু মানুহ অসন্তুষ্ট হৈছিল।ৰজাইও তেওঁলোকক শাসন কৰিব পৰা নাছিল। শেষত ডাঙৰীয়াসকলে চ্যুতিনফাক ৰজা ভাঙি হত্যা কৰাই।



২০)চ্যুতামলা(১৬৪৮-১৬৬৩)

বুঢ়াগোহাঁই-শুকুলা হুদু,লে চাম, আতন

বৰগোহাঁই-সৰুবুঢ়া,লে চাম,লাঙি চং

বৰপাত্ৰগোহাঁই-লাই,চেৰেলীয়া,ভগা


চ্যুতিনফাৰ পাছত পুত্ৰ চ্যুতামলা ৰজা হয়। তেওঁৰ হিন্দু নাম জয়ধ্বজ সিংহ।মোগলৰ আক্ৰমণত পলাই যোৱা বাবে তেওঁক 'ভগনীয়া ৰজা' নামেৰেও জনাজাত।

১৬৬২ চনত মোগল সম্ৰাট ঔৰংজেৱৰ নিৰ্দেশত বংগৰ নবাব মীৰজুমলাই অসম আক্ৰমণ কৰে।মোগলে ১৭ মাৰ্চ ১৬৬২ ত ৰাজধানী গড়গাঁও অধিকাৰ কৰে।আহোম ৰজাই ৰাজধানী এৰি নামৰূপলৈ পলাই যায়।

১৬৬৩ চনৰ জানুৱাৰীত আহোম আৰু মোগলৰ মাজত এখন সন্ধি হয়।বুৰঞ্জীত এই সন্ধিক 'ঘিলাঝাৰী ঘাটৰ সন্ধি' বুলি জনা যায়।

সন্ধিৰ চৰ্ত মতে আহোম ৰজা জয়ধ্বজ সিংহই নিজৰ জীয়েক ৰমণী গাভৰু (নাঙ চেং) ক ঔৰংজেৱৰ পুত্ৰ আজমতৰালৈ দিবলগীয়া হয়।বিয়াৰ পাছত ৰমণী গাভৰুৰ নাম হয় ৰহমৎ বানু বেগম।ইয়াৰ পাছত মীৰজুমলাই অসম এৰি গুচি যায়।৩০মাৰ্চ ১৬৬৩ চনত ঢাকাত তেওঁৰ মৃত্যু ঘটে।মীৰজুমলাৰ লগত অহা চিহাবুদ্দিন তালিছে সেইসময়ৰ অসম আৰু গড়গাঁও সম্পৰ্কে এটা টোকা লিখি থৈ যায়।

জয়ধ্বজ সিংহৰ ৰাজত্ব কালতেই চেউনি আলি আৰু ভটীয়াপাৰ পুখুৰী খন্দোৱা হৈছিল।

পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক

Post a Comment

0 Comments