আহোম ৰজাসকলৰ চমু পৰিচয় (চতুৰ্থ খণ্ড)

 ২১)চ্যু পুং মুঙ(১৬৬৩-১৬৭০)

বুঢ়াগোহাঁই- আতন

বৰগোহাঁই-লাঙি চং

বৰপাত্ৰগোহাঁই-হাবি,ল্যা ত্যাও


জয়ধ্বজ সিংহৰ পাছত চ্যু পুংমুঙ ৰজা হয়। তেখেতৰ হিন্দু নাম চক্ৰধ্বজ সিংহ। 

তেখেতৰ দিনতেই ১৬৬৫ চনত প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যত দুৰ্ভিক্ষ হৈছিল।

১৬৬৭ চনত গুৱাহাটীৰ মোগল ফৌজদাৰ ৰচিদ খানে সন্ধিৰ(ঘিলাঝাৰী ঘাটৰ সন্ধি) পাব লগীয়া ধন বিচাৰি চোকা ভাষাৰে এখন পত্ৰ চক্ৰধ্বজ সিংহলৈ প্ৰেৰণ কৰে।এই পত্ৰৰ পাছতেই আহোম ৰজাই 'বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয়' বুলি যুঁজলৈ সাজু হয়।

তেওঁ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পাতে।যুদ্ধৰ আয়োজনত বিশেষভাৱে সহায় কৰে মন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে।

১৬৬৭ চনৰ আগষ্টত লাচিতে গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে।

আহোমে গুৱাহাটী লোৱাৰ কথা গম পাই ঔৰংজেৱে অম্বৰৰ (ৰাজপুত) ৰজা ৰামসিংহৰ নেতৃত্বত এক বিশাল মোগল বাহিনীক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠাই।

১৬৬৯ চনৰ ফেব্ৰুৱাৰীত ৰাম সিংহৰ সেনা আহি ৰঙামাটিত উপস্থিত হয়।

মোগলৰ বিশাল সেনা বাহিনীৰ লগত যুজঁ কৰিব পৰাকৈ সেই সময়ত আহোম সেনা প্ৰস্তুত নাছিল।সেয়ে লাচিতে যুদ্ধৰ প্ৰস্তুতিলৈ সময় লোৱাৰ চলেৰে ৰামসিংহৰ লগত সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই।ৰামসিংহই প্ৰস্তাৱ দিয়ে যে পূৰ্বৰ সন্ধি অনুযায়ী আহোম মোগলৰ সীমা আছিল বৰ নদী আৰু অসুৰ আলি (১৬৩৯ ত কলিয়াবৰ সন্ধি)।সেয়ে আহোমে এই সীমাৰ পশ্চিম অংশ মোগলক এৰি দিব লাগে।ইফালে যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ হ'লত লাচিতে কয় যে বিনা যুদ্ধে এক ইঞ্চি মাটিও মোগলক এৰি নিদিয়ে।

ইয়াৰ পাছতেই আহোম মোগলৰ কেইবাখনো যুদ্ধ হয়।

১৬৬৯ চনৰ ৫আগষ্টত আলাবই ৰণত একে দিনাই আহোমৰ ১০,০০০ সৈন্যৰ মৃত্যু হয়।

এই যুদ্ধৰ কিছুদিন পিছতেই চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।


২২)চ্যুনাৎফা(১৬৭০-১৬৭২)

বুঢ়াগোহাঁই- আতন

বৰগোহাঁই-লাঙি চং

বৰপাত্ৰগোহাঁই-হাবি,চপা


চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত ভাতৃ চ্যুনাৎফা ৰাজপাটত উঠে। তেখেতৰ হিন্দু আছিল উদয়াদিত্য সিংহ।তেওঁৰ ৰাজত্ব কালতেই আহোম মোগলৰ যুদ্ধই চূড়ান্ত পৰ্যায় পায়।

মোগল সেনাপতি ৰামসিংহৰ প্ৰস্তাৱ উদয়াদিত্য সিংহৰ ৰাজসভালৈও প্ৰেৰণ কৰা হয়। কিছু ডাঙৰীয়াই এই প্ৰস্তাৱ মানি মোগলক গুৱাহাটী এৰি দিয়াৰ কথা কয় যদিও ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে এই কথাৰ বিৰোধিতা কৰে।ৰজাইও তেওঁকে সমৰ্থন কৰি যুদ্ধৰ আদেশ দিয়ে।

যুদ্ধ মাটি আৰু পানী উভয়তে হৈছিল। আহোম সেনাই স্থল যুদ্ধত জয়ী হয় যদিও মোগলৰ নৌ বাহিনীৰ হাতত আহোম সেনাৰ পৰাজয়ৰ উপক্ৰম হয়।আহোম সেনাই পিছহুহুকিবলৈ ধৰে।এনে অৱস্থাত লাচিতে নৰিয়া গাৰেই যুঁজলৈ গৈ মোগলৰ লগত যুজঁ কৰে।লাচিতৰ আগমনে আহোম সৈন্যৰ মনোবল বৃদ্ধি কৰে। আহোমে পূৰ্ণদ্যোমে যুদ্ধ কৰি মোগলক পৰাস্ত কৰে।আহোম সৈন্যই মোগলক খেদি মানাহ নৈ পাৰ কৰি থৈ আহে।

১৬৭১ চনৰ এই ৰণকেই বুৰঞ্জীত 'শৰাইঘাটৰ ৰণ' বুলি কোৱা হৈছে।

শৰাইঘাটৰ ৰণত বিজয় হোৱা বাবে ৰজাই লাচিতক পুৰস্কৃত কৰে।

বীৰগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ জন্ম তাৰিখ ২৪ নৱেম্বৰ লাচিত দিৱস হিচাপে পালন কৰা হয়।১৯৯৯ চনৰ পৰা National Defense Academy য়ে শ্ৰেষ্ঠ কেডেটজনক লাচিত বৰফুকনৰ নামেৰে সোণৰ পদক প্ৰদান কৰি আহিছে।(NDA has been conferring the best passing out cadet with the Lachit Borphukan gold medal since 1999)

শৰাইঘাটৰ ৰণৰ পাছতেই লাচিতৰ মৃত্যু হয়।

১৬৭২ চনত নিজ ভাতৃৰ কুসন্ধিত ডেবেৰা হাজৰিকা নামৰ এজন লোকে ৰজাক হত্যা কৰে।

ইয়াৰ পাছৰ পৰাই আহোম ৰাজ্যত অন্ত:কন্দলৰ আৰম্ভ হয়।ডা-ডাঙৰীয়াসকলৰ নিজৰ মাজতেই ক্ষমতাকেন্দ্ৰিক বিতৰ্কৰ আৰম্ভ হয়।বহুলোক, ডা-ডাঙৰীয়া,ৰাজকোঁৱৰ আনকি কেইজনমান ৰজাকো হত্যা কৰা হয়।গদাধৰ সিংহৰ দিনতহে এই অন্ত:কন্দলৰ অন্ত পৰে।

সেইবিষয়ে পৰৱৰ্তী খণ্ডত লিখা হ'ব।



পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক Written by Bikash ,   সহায়ক গ্ৰন্থসমূহ --- খাম ৰাপ, অসম ইয়াৰ বুক, Glimpses into The History of Assam

Post a Comment

0 Comments