পদাৰ্থ বিজ্ঞানৰ নোবেল 2022 The Nobel Prize in Physics 2022

2022 চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা জন ক্লজাৰ, এলেন এস্পেক্ট, আৰু এণ্টন জেইলিংগাৰ প্ৰদান কৰা হৈছে।  



কোৱাণ্টাম তথ্য বিজ্ঞান আৰু ফ'টন সম্পৰ্কীয় গৱেষণাৰ বাবে নোবেল বঁটাৰে সন্মানিত কৰা হয়।
(“for experiments with entangled photons, establishing the violation of Bell inequalities, and pioneering quantum information science,”)

২০২২ চনৰ বঁটা বিজয়ীসকলৰ পৰীক্ষামূলক সঁজুলিৰ বিকাশে কোৱাণ্টাম প্ৰযুক্তিৰ এক নতুন যুগৰ ভেটি স্থাপন কৰিছে। 
তেওঁলোকৰ এই গৱেষণাই কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণ, কোৱাণ্টাম নেটৱৰ্ক নিৰ্মাণ আৰু সুৰক্ষিত কোৱাণ্টাম এনক্ৰিপ্টেড যোগাযোগ স্থাপন ব্যৱস্থাৰ ক্ষেত্ৰখন অধিক বিকশিত কৰিব ।




কোৱান্টাম পদাৰ্থ বিজ্ঞান কি ?

কোৱাণ্টাম বলবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এক ক্ষেত্ৰ যি মৌলিক কণাবোৰ  - পৰমাণু, ইলেক্ট্ৰন, ফ'টন ইত্যাদিৰ  আচৰণ (বল, গতি,সময় সাপেক্ষে কণাটোৰ অৱস্থানৰ সম্ভাৱিতা ইত্যাদি) বৰ্ণনা কৰে।
পৰমাণু আৰু ইলেক্ট্ৰনৰ দৰে মৌলিক কণাবোৰৰ ক্ষেত্ৰত ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ বহুতো সমীকৰণ বা সিদ্ধান্তই (যি দৈনন্দিন আমি দেখি থকা বস্তু যেনে গাড়ী, বল এটা বা গ্ৰহ নক্ষত্ৰৰ চলাচল আৰু আন্তঃক্ৰিয়া বৰ্ণনা কৰে) সিহঁতৰ সকলো আচৰণ ব্যাখ্যা কৰিব নোৱাৰে ।
এই ক্ষেত্ৰখনৰ বাটকটীয়া বিজ্ঞানী কেইজন হৈছে নীলচ ব'ৰ, মেক্স প্লাঙ্ক, এলবাৰ্ট আইনষ্টাইন  

ফ'টন কি ?

ফ'টন হৈছে পোহৰৰ কণা যেনেকৈ পদাৰ্থ এটা অনু পৰমাণুৰে গঠিত ঠিক তেনেকৈ পোহৰক ফ'টন কণিকাৰ সমষ্টি বুলিব পাৰি। অৱশ্যে পোহৰৰ দ্বৈত ৰূপ আছে অৰ্থাৎ পোহৰে তৰংগ আৰু কণা দুয়োৰে ধৰ্ম দেখুৱাই। ফ'টনে পোহৰৰ দ্ৰুতিত গতি কৰে।  

Post a Comment

0 Comments