আহোম ৰজাসকলৰ চমু পৰিচয় (পঞ্চম খণ্ড)

উদয়াদিত্য সিংহৰ মৃত্যুৰ পিছৰে পৰা আহোম ৰাজ্য অন্তঃকন্দলে ছানি ধৰে।ডা-ডাঙৰীয়াসকলৰ নিজৰ মাজতেই ক্ষমতাকেন্দ্ৰিক বিতৰ্কৰ আৰম্ভ হয়।

২৩)চ্যু ক্লাম ফা(১৬৭২-১৬৭৪)

বুঢ়াগোহাঁই:আতন  

বৰগোহাঁই:লাঙি চং,চেং মুঙ 

বৰপাত্ৰগোহাঁই:চপা


উদয়াদিত্য সিংহক হত্যাৰ পাছত ডেবেৰা হাজৰিকাৰ সহযোগত ভাতৃ চ্যুক্লামফা ৰজা হয়।তেওঁক ৰামধ্বজ সিংহ বুলি জনা যায়।

নানা ষড়যন্ত্ৰ কৰি ডেবেৰা হাজৰিকা বৰবৰুৱা পদত অধিষ্ঠিত হয়।

ৰজা হৈ থকা অৱস্থাতেই ৰামধ্বজ সিংহ নৰীয়াত পৰে।সেই সময়ত বুঢ়াগোহাঁই আৰু বৰফুকন গুৱাহাটিত আছিল।এই সুযোগ লৈ ডেবেৰা গড়গাঁওৰ সৰ্বেসৰ্ব্বা হৈ পৰে।ক্ষমতাৰ অপপ্ৰয়োগ কৰি বহু কেইজন ডা-ডাঙৰীয়া আৰু ৰাজকোঁৱৰক হত্যা কৰে।

লাহে লাহে ৰজাৰ সৈতে ডেবেৰাৰ সম্পৰ্ক বেয়া হৈ আহে। ডেবেৰাৰ কাম কাজত অসন্তুষ্ট হৈ ৰজাই তেওঁক বধ কৰাৰ আদেশ দিয়ে। কিন্তু ডেবেৰাই আগতীয়াকৈ এই কথা গম পাই ৰাজকাৰেঙৰ কিছুলোকৰ সৈতে মিলি ৰজাক বিহ খুৱাই হত্যা কৰে।

২৪)চ্যু হুং ফা(১৬৭৪-১৬৭৫)

বুঢ়াগোহাঁই:আতন  

বৰগোহাঁই:লাঙি চং,চেং মুঙ 

বৰপাত্ৰগোহাঁই:চপা,টেমা বানচঙীয়া


চ্যুক্লামফাক হত্যা কৰাৰ পাছত ডেবেৰাই দিহিঙীয়া ৰজাৰ বংশৰ চ্যুহুং নামৰ কোঁৱৰ এজনক ৰজা পাতে। চামগুৰীয়া ফৈদৰ আছিল বাবে তেখেতক 'চামগুৰীয়া ৰজা' বুলি কোৱা হয়।

তেওঁৰ দিনটো ডেবেৰাই বহুকেইজন ৰাজকোঁৱৰক হত্যা কৰে।

ডেবেৰাৰ অত্যাচাৰ দিনে দিনে বাঢ়ি যোৱাত ৰজাই তেওঁক হত্যা কৰিবলৈ পৰিকল্পনা কৰে।

ইফালে ডেবেৰাই এই কথা গম পাই ৰজাক খাদ্যৰ সৈতে বিহ দি হত্যা কৰে।

বুৰঞ্জীৰ মতে চ্যু হুং ৰজাই ২০-২১ দিন মানহে ৰাজত্ব কৰিছিল।


২৫)গোবৰ ৰজা(১৬৭৫)

বুঢ়াগোহাঁই:আতন  

বৰগোহাঁই:চেঙ মুঙ,লালুক

বৰপাত্ৰগোহাঁই:চপা


চ্যুহুংফাক হত্যা কৰি ডেবেৰাই তুঙখঙীয়া ফৈদৰ গোবৰ নামে ৰাজকোঁৱৰ এজনক ৰজা পাতে।এওঁৱেই তুঙখঙীয়া ফৈদৰ প্ৰথম ৰজা আৰু স্বর্গদেউ গদাধৰ সিংহৰ পিতৃ।

গোবৰ ৰজাই মাত্ৰ ৩ সপ্তাহহে ৰজা হ'ব পাৰিছিল।

ডেবেৰাৰ অত্যাচাৰৰ কথা গম পাই বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰফুকনে মিলি ডেবেৰাই পতা গোবৰ ৰজাক সিংহাসনচ্যুত কৰি হত্যা কৰে।

তেওঁলোকে ডেবেৰাকো অতি নিৰ্মমভাৱে হত্যা কৰে।


২৬)চ্যু জিন ফা(১৬৭৫-১৬৭৭)

বুঢ়াগোহাঁই:আতন  

বৰগোহাঁই:লালুক

বৰপাত্ৰগোহাঁই:চপা


গোবৰ ৰজাৰ হত্যাৰ পাছত ডাঙৰীয়াসকলে আতন বুঢ়াগোহাঁইকে ৰাজ সিংহাসনত বহিবলৈ কয় যদিও বুঢ়াগোহাঁইয়ে এই প্ৰস্তাৱ প্ৰত্যাখান কৰে। তেওঁ উপযুক্ত ৰাজকোঁৱৰ এজন বিচাৰি ৰজা পতাৰ সিদ্ধান্ত লয়।

সেই হিচাপেই ১৬৭৫ চনৰ নৱেম্বৰ মাহত চ্যুজিনফাক ৰজা পতা হয়।তেখেতৰ হিন্দু নাম আছিল 'সুৰ সিংহ'।

সুৰ সিংহই ডেবেৰা বৰবৰুৱাৰ দিনৰ বিষয়া সকলক ক্ষমতাচ্যুত কৰি নতুনকৈ বিষয়া নিয়োগ কৰে।

আতন বুঢ়াগোহাঁইৰ বিচক্ষণতা আৰু দূৰদৰ্শিতাৰ বাবে ৰাজ্যত কিছুদিনৰ বাবে শান্তি ঘূৰি আহিছিল।কিন্তু এই শান্তি ক্ষন্তেকীয়া আছিল।

মন্ত্ৰী বুঢ়াগোহাঁইৰ বৰ্ধিত ক্ষমতাত কিছু বিষয়াই ভাল পোৱা নাছিল।তেওঁলোকে ৰজাক বুঢ়াগোহাঁইৰ বিৰুদ্ধে নানা কথাৰে পতিয়ন নিয়াৰ চেষ্টা কৰে।ফলত ৰজা আৰু বুঢ়াগোহাঁইৰ মনোমালিন্য আৰম্ভ হয়।

অৱশেষত কথা বাঢ়িগৈ চূড়ান্ত পৰ্যায় পায়।বুঢ়াগোহাঁই আৰু ৰজাবাহিনীৰ মাজত যুদ্ধ আৰম্ভণি হয়।

গুৱাহাটীত থকা লালুকসোলা বৰফুকনেও বুঢ়াগোহাঁইৰ লগ দিয়ে। যুঁজত ৰাজবাহিনী পৰাস্ত হয়।

বুঢ়াগোহাঁইয়ে চ্যুজিনফাৰ চকু কাঢ়ি ভৱিষ্যতে ৰজাহোৱাৰ যোগ্যতা নাইকিয়া কৰি তেওঁৰ ঠাইত দিহিঙীয়া ৰজাৰ নাতিয়েক পৰ্বতীয়া কোঁৱৰক ৰজা পাতে।


২৭)চ্যু দৈ ফা(১৬৭৭-১৬৭৯)

বুঢ়াগোহাঁই:আতন,দীঘলা  

বৰগোহাঁই:সেন, লাইথেপেনা

বৰপাত্ৰগোহাঁই:চপা,লেছামকলা


চ্যুজিনফাৰ পাছত ডাঙৰীয়াসকলে আতন বুঢ়াগোহাঁইকে ৰজা হ'বলৈ কয় যদিও তেওঁ পুনৰ সেই কথা নাকচ কৰে।

পাছত চৰাইদেউৰ খামচেঙ কোঁৱৰক আনি তেওঁ ৰজা পাতে।তেওঁকেই ছ্যুদৈফা বা তেজ সিংহ বুলি জনা যায়।

চ্যুদৈফাই বুঢ়াগোহাঁই আৰু বৰফুকনৰ জীক বিয়া কৰাইছিল।

সিংহাসন অধিকাৰ কৰিব পাৰিও নকৰি চ্যুদৈফাক ৰজা পতাৰ বাবে বুঢ়াগোহাঁই আৰু ৰজাৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল।

এই কথাত বাকী বিষয়াসকলে ভালপোৱা নাছিল।সেয়ে কিছু বিষয়াই ৰজাক হত্যা কৰাৰ চেষ্টা কৰে।মেচা বৰবৰুৱাই ৰজাক হত্যা কৰিব খুজি ধৰা পৰাত তেওঁ গুৱাহাটীলৈ পলাই যায়।গুৱাহাটীত গৈ তেওঁ লালুকসোলা বৰফুকনৰ লগ লাগে।

ৰাজঅভিযুক্ত মেচাক বৰফুকনে আশ্ৰয় দিয়াত বৰফুকন আৰু বুঢ়াগোহাঁইৰ সম্পৰ্কত যতি পৰে।

১৬৭৭ চনৰ ছেপ্টেম্বৰত আজম শ্বাহে গুৱাহাটীকে ধৰি নামনি অসম মোগলক এৰি দিবৰ বাবে বৰফুকনৰ ওচৰলৈ কটকী পঠাই।

আনফালে বৰফুকনে ৰাজধানী গড়গাঁওত তেওঁৰ প্ৰতি আৰম্ভ হোৱা বিদ্বেষৰ কথা গম পাই নিজেই ৰজা হোৱাৰ কথা চিন্তা কৰে।

বৰফুকনে মোমায়েক বাদুলি ফুকনৰ যোগেদি আজম শ্বাহক জনাই যে যদি তেওঁক আহোম ৰাজ্যৰ ৰজা পতা হয় তেন্তে তেওঁ গুৱাহাটী এৰি দিবলৈ সাজু।এই কথাত আজম শ্বাহ মান্তি হয়।(বাদুলি ফুকন জয়ধ্বজ সিংহৰ দিনতে মোগল ৰাজ্যলৈ গুচি গৈছিল)

আনহাতে এই কথা বুঢ়াগোহাঁইয়ে গম পোৱাত ততাতৈয়াকৈ স্বর্গদেউৰ লগত বৈঠকত বহে আৰু গুৱাহাটী ল'লেও মোগলৰ সম্ভাব্য আক্ৰমণৰ পৰা ৰাজধানী সুৰক্ষিত কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা গাভৰু পৰ্বতলৈকে এটা গড় বন্ধাৰ পৰামৰ্শ দিয়ে।

কথামতেই ১৬৭৮ চনত এই গড় সম্পূৰ্ণ হৈ উঠে।যথেষ্ট চিন্তা-চৰ্চা কৰি এই গড় নিৰ্মাণ কৰা বাবে ইয়াৰ নাম 'চিন্তামনি গড়'।

১৬৭৯ চনত বৰফুকনে মোগলক গুৱাহাটী এৰি দিয়ে।ইয়াৰ পাছত তেওঁ নিজা সৈন্যবাহিনী গঠন কৰি গড়গাঁওৰ দিশে অগ্ৰসৰ হয়।

গড়গাওঁ পায়েই তেখেতে ৰজাক বন্দী কৰি হত্যা কৰে।আতন বুঢ়াগোহাঁইকো বন্দী কৰি ৰাখে।

ইয়াৰ পাছত তেওঁ চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চ্যুলিকফাক ৰাজপাটত বহুৱাই নিজেই ৰাজ্যৰ সৰ্বেসর্বা হৈ পৰে।

২৮)চ্যু লিক ফা(১৬৭৯-১৬৮১)

বুঢ়াগোহাঁই:দীঘলা  

বৰগোহাঁই:সেন, লাইথেপেনা

বৰপাত্ৰগোহাঁই:লেছামকলা


অতি কম বয়সতে ৰজা হোৱা বাবে চ্যু লিক ফাক ল'ৰা ৰজা বুলি কোৱা হয়।তেখেতৰ হিন্দু নাম ৰত্নধ্বজ সিংহ।

সিংহাসনত বহিয়েই লৰা ৰজাই লালুকসোলা বৰফুকনৰ কথাত আতন বুঢ়াগোহাঁইক হত্যা কৰাই।বৰফুকনে নিজৰ ৫বছৰীয়া জীক ৰজালৈ দি নিজেই উঠি ৰজা-বহি ৰজা হৈ পৰে।

নিজৰ প্ৰতিপত্তি অক্ষুন্ন ৰাখিবৰ কাৰণে তেওঁ সেই সময়ৰ ৰজা হ'ব পৰা সকলোবোৰ ৰাজ কোঁৱৰকে অংগক্ষত বা হত্যা কৰিবলৈ আৰম্ভ কৰে।আহোমৰ নিয়ম মতে কেৱল নিখুঁত ৰাজকোঁৱৰহে ৰজা হোৱাৰ যোগ্য।

কিন্তু লালুকসোলাৰ এই কু অভিসন্ধিৰ পৰা তুঙখঙ্গীয়া ফৈদৰ গদাপাণি পলাই সাৰিবলৈ সক্ষম হয়।

গদাপাণিক বিচাৰি নাপাই লালুকসোলাই গদাপাণিৰ পত্নী জয়মতীকে নানা অমানুষিক শাস্তি দিবলৈ ধৰে। এই অত্যাচাৰতেই জয়মতীৰ মৃত্যু হয়।

এই গৰাকী দেশপ্ৰেমিকাৰ সঁচা কাহিনীৰ আলম লৈয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰ ১০ মাৰ্চত অসমৰ প্ৰথমখন কথাছবি জয়মতী নিৰ্মাণ কৰিছিল।এই মহান বীৰংগনাৰ প্ৰতি শ্ৰদ্ধা জনায়েই অসমত প্ৰতি বছৰে ২৭ মাৰ্চ তাৰিখ জয়া স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে।

লালুকসোলাৰ অত্যাচাৰ দিনক দিনে বাঢ়ি অহাত অৱশেষত তেওঁৰে গা-ৰখীয়া ভোটাই ডেকা নামৰ এজনে ১৬৮০ চনত তেওঁক হত্যা কৰে।

লালুকসোলাৰ মৃত্যুৰ লগে লগে আহোম বুৰঞ্জীৰ এটা কলা অধ্যায়ৰ অন্ত পৰে।


......আগলৈ





পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক

Post a Comment

3 Comments