আহোম ৰজাসকলৰ চমু পৰিচয় (ষষ্ঠ খণ্ড)

                              লালুকসোলাৰ মৃত্যুৰ পাছত ডাঙৰীয়াসকলে ল'ৰা ৰজাক ক্ষমতাচ্যুত কৰি গদাপাণিক ৰাজ সিংহাসনত বহুৱাই। ৰজা হৈ তেওঁ 'গদাধৰ সিংহ' নাম লয়।

২৯)চ্যু পাত ফা(১৬৮১-১৬৯৬)

বুঢ়াগোহাঁই:মৌ, খাম পেং 

বৰগোহাঁই:লাইথেপেনা

বৰপাত্ৰগোহাঁই:আচুক, ৰামচন্দ্ৰ


সিংহাসনত আৰোহণ কৰিয়েই তেওঁ মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে।১৬৮২ চনত (জুন-জুলাই) গুৱাহাটীৰ ওচৰৰ ইটাখুলি নামৰ ঠাইত আহোম-মোগলৰ যুদ্ধ হয়।ইটাখুলি ৰণেই আছিল আহোম-মোগলৰ শেষ যুদ্ধ।আহোমে মোগলক পৰাস্ত কৰি মানাহ নদী পাৰ কৰি থৈ আহে।তেতিয়াৰ পৰা মানাহ নদীয়েই আহোম আৰু মোগলৰ সীমা হয়।

গদাধৰ সিংহই পলাই ফুৰা কাল চোৱাত যিসকল লোকে আৰু সত্ৰৰ গোসাঁইয়ে তেওঁক আশ্ৰয় দিয়া নাছিল , অপমান কৰিছিল তেওঁলোকক নানা শাস্তি দিছিল।কিছু কিছুক হত্যাও কৰিছিল।

যিসকলে তেওঁক সেইসময়ত সহায় সহযোগ কৰিছিল গদাধৰ সিংহই তেওঁলোকক কেতিয়াও পাহৰি যোৱা নাছিল।

ৰজাৰ চোৰাংচোৱাৰ পৰা ৰহদৈৰ নামৰ পোহাৰী এগৰাকীয়ে বচোৱাৰ বাবেই তেওঁৰ নামত ৰহদৈ আলি আৰু ৰহদৈ পুখুৰী খন্দাইছিল।

কাম-বন নকৰা ধোদ সকলৰ দ্বাৰা তেখেতে ধোদৰ আলি নিৰ্মাণ কৰাইছিল।

ৰহদৈ আলি আৰু ধোদৰ আলি সংযোগ কৰি দ্বীজৈ জানৰ ওপৰত শিলসাঁকো নিৰ্মাণ কৰিছিল।

গদাধৰ সিংহ শাক্ত ধৰ্মত বিশ্বাসী আছিল।১৬৯৪ চনত তেওঁ উমানন্দ দ্বীপত এটি শিৱ মন্দিৰ নিৰ্মাণ কৰাইছিল।এইটোকে উমানন্দ মন্দিৰ বুলি জনা যায়।

তেঁওয়েই অসমত প্ৰথম মাটিৰ জৰীপ কৰাইছিল।

বিভিন্ন আভ্যন্তৰীণ ষড়যন্ত্ৰ,জনজাতীয় বিদ্ৰোহ দমন কৰি তেওঁ আহোম ৰাজ্যৰ পূৰ্বৰ গৰিমা ওভতাই আনিছিল।


৩০)চ্যু খ্ৰাং ফা(১৬৯৬-১৭১৪)

বুঢ়াগোহাঁই:খাম পেং,লাই চং, আফুৱা, খাম পাত 

বৰগোহাঁই:লাইথেপেনা, কমলাকান্ত

বৰপাত্ৰগোহাঁই:চেং কং


গদাধৰ সিংহৰ মৃত্যুৰ পাছত ডাঙৰ পুত্ৰ লাই ৰজা হয়।তেখেতৰ আহোম নাম চ্যুখ্ৰাংফা আৰু হিন্দু নাম ৰুদ্ৰ সিংহ।

ৰুদ্ৰ সিংহই আহোমৰ ৰাজধানী গড়গাওঁৰ পৰা ৰংপুৰলৈ আনে।

তেওঁ কছাৰী আৰু জয়ন্তীয়া ৰাজ্যক পৰাস্ত কৰি আহোমৰ থাপিত-সঞ্চিত ৰাজ্য হিচাপে ৰাখিছিল।

ৰুদ্ৰ সিংহৰ দিনতে আহোম ৰাজ্যৰ পশ্চিমৰ সীমা মানাহ নদীৰ পৰা কৰতোৱা নদী লৈকে সম্প্ৰসাৰিত হৈছিল।

তেওঁ গুৱাহাটীত অৱস্থান কৰি জনজাতীয় ৰাজ্যবোৰৰ পৰা সৈন্য-সামন্ত গোটাই এক বিশাল সৈন্যবাহিনী গঠন কৰি মোগল সাম্ৰাজ্য আক্ৰমণৰ যো-জা চলাইছিল।কিন্তু এই আয়োজনৰ মাজতেই ৰুদ্ৰ সিংহৰ মৃত্যু হয় ফলত এই অভিযানৰো  অন্ত পৰে। 

ৰুদ্ৰ সিংহৰ ৰাজনৈতিক বিচক্ষণতা, সামাজিক পাৰদৰ্শিতা, সমাজ-সংস্কৃতিৰ জ্ঞান ইত্যাদিৰ বাবে তেওঁক আহোমৰ শ্ৰেষ্ঠ নৃপতি বুলি আখ্যা দিয়া হৈছে।

ৰুদ্ৰ সিংহই প্ৰথম বিহুক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰে।তেখেতেই ৰংঘৰৰ বাকৰিত কুকুৰা যুঁজ,শেন চৰাই যুজঁ, মহ যুজঁ আদি নানা খেল পাতিছিল।এই খেলবোৰ তদাৰকৰ বাবে কুকুৰাচোৱা বৰুৱা, শেনচোৱা বৰুৱা আদি বিষয়ৰ সৃষ্টি কৰিছিল।

তেওঁৰ দিনতেই বেজবৰুৱা, কটকী, ন্যায়সোধাফুকন আদি বিষয়ৰো সৃষ্টি হয়।

তেখেতৰ দিনত অসমত এখন চিৰিয়াখানা আছিল বুলিও জানিব পৰা গৈছে।শিৱসাগৰ জিলাৰ পশুগড় নামে ঠাইত এতিয়াও ইয়াৰ অস্তিত্ব পোৱা যায়।

১৬৯৮ চনত তেওঁ মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু পাৰত জয়দৌল নিৰ্মাণ কৰিছিল।

বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ নামদাং শিল সাঁকো তেওঁৰ দিনতে নিৰ্মাণ হৈছিল।

মেটেকা আলি, খৰিকটীয়া আলি আদিও তেওঁৰ ৰাজত্ব কালৰে ।

পশুগড়


৩১)চ্যু তান ফা(১৭১৪-১৭৪৪)

বুঢ়াগোহাঁই:বায়ন,ভোমাই,চেং মুঙ

বৰগোহাঁই:কমলাকান্ত,হৰনাথ

বৰপাত্ৰগোহাঁই:পৰমানন্দ,হৰনাথ


স্বর্গদেউ ৰুদ্ৰ সিংহই তেওঁৰ পাঁচজন পুত্ৰক এজন এজন কৈ ৰজা হ'বৰ বাবে আজ্ঞা দি গৈছিল।সেইমতেই তেওঁৰ মৃত্যুৰ পাছত ডাঙৰ পুত্ৰ চ্যুতানফা ৰজা হয়। তেওঁৰ হিন্দু নাম আছিল স্বর্গদেউ শিৱ সিংহ।

পিতৃৰ ইচ্ছা অনুসৰিয়েই শিৱ সিংহই পশ্চিমবংগৰ নৱদ্বীপৰ শাক্ত গোসাঁই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লয় আৰু তেওঁক কামাখ্যা মন্দিৰৰ পূজাৰী পাতি নীলাচল পৰ্বতত থাকিবলৈ দিয়ে।সেয়ে কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই বুলি জনা যায়।

স্বর্গদেউ শিৱ সিংহই ব্ৰাহ্মণ আৰু জ্যোতিষীৰ কথা বৰকৈ মানিছিল।জ্যোতিষীসকলে তেওঁক ছত্ৰভংগ যুগ পৰিছে বুলি কোৱাত তেওঁ বৰৰাণী ফুলেশ্বৰীক 'বৰৰজা' উপাধি দি ৰাজসিংহাসন এৰি দিযে।

ফুলেশ্বৰী ঘোৰ শাক্ত ধর্মী আছিল।তেওঁ ৰংপুৰত দুৰ্গাপূজা পাতি মোৱামৰীয়া মহন্তসকলক জোৰ কৰি পূজাৰ প্ৰসাদ খুৱাইছিল আৰু বলিৰ তেজেৰে কপালত ফোঁট দিয়াইছিল।এই কাৰ্যত মোৱামৰীয়াসকল যথেষ্ট অসন্তুষ্ট হৈছিল আৰু এই কাৰ্যই পৰৱৰ্তীকালত মোৱামৰীয়া বিদ্ৰোহৰ পাতনি মেলিছিল।

বৰৰজা ফুলেশ্বৰীয়ে ১৭২৩ চনত গৌৰীসাগৰ পুখুৰী আৰু পাৰত গৌৰীসাগৰ দৌল নিৰ্মাণ কৰাই।ভাতৃ হৰনাথ বৰপাত্ৰগোহাঁইৰ স্মৃতিত  শিৱসাগৰ জিলাত কালুগাঁওত বৰপাত্ৰ দৌল আৰু বৰপাত্ৰ পুখুৰী খন্দোৱাই।বুৰঞ্জীমতে বৰপাত্ৰ পুখুৰীৰ নাম লক্ষ্মীসাগৰ।

১৭৩১ চনত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।তেওঁৰ মৃত্যুত শিৱ সিংহই ফুলেশ্বৰীৰ ভগ্নী দ্ৰৌপদীক (দেওপাদী) বিয়া কৰাই আৰু তেওঁক বৰৰজা পাতে।বৰৰজা হৈ দ্ৰুপদীয়ে অম্বিকা নাম লয়।

বৰৰজা অম্বিকাই ১৭৩৩ চনত শিৱসাগৰ পুখুৰী আৰু পাৰত শিৱ দৌল নিৰ্মাণ কৰাই।এই শিৱ দৌলেই ভাৰতৰ আটাইতকৈ ডাঙৰ শিৱ দৌল।

বৰৰজা অম্বিকাৰ পৃষ্ঠপোষকতাতে কবিৰাজ চক্ৰৱৰ্তীয়ে 'শকুন্তলা নাটক' আৰু 'শঙ্খচুড় বধ'; সুকুমাৰ বৰকাইথে 'হস্তীবিদ্যাৰ্ণৱ';অনন্ত আচাৰ্যই 'আনন্দ লহৰী';ৰমানন্দ দ্বীজে 'ঊষাগীত' ৰচনা কৰে।

১৭৪১ ত অম্বিকাৰ মৃত্যুত শিৱ সিংহই সলাল গোহাঁইৰ জীয়েকক বিয়া পাতি বৰৰজা পাতে।তেওঁৰ নাম আছিল সৰ্বেশ্বৰী।

স্বর্গদেউ শিৱ সিংহৰ ৰাজত্ব কালতেই অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বহু উল্লেখনীয় কাম কাজ সম্পন্ন হয়।

তেখেতেই ১৭২০ চনত উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত মন্দিৰ নিৰ্মাণ আৰু ১৭৩৭ চনত দীৰ্ঘেশ্বৰী দেৱালয় পুনৰ নিৰ্মাণ কৰিছিল।

শিৱসাগৰৰ 'ধাই আলি' তেখেতৰ দিনতে নিৰ্মিত।

শিৱ সিংহৰ ৰাজত্ব কালতে শাক্ত ধৰ্মীয় নীতি ব্যাপকভাৱে প্ৰচাৰ হয়।আহোম ৰাজতন্ত্ৰত হিন্দু ধৰ্মীয় নীতি-নিয়মে অগ্ৰাধিকাৰ পাবলৈ ধৰে।

১৯০২ চনৰ শিৱ দ'লৰ ফটো, উৎস: Directorate of Archaeology Assam FB page









Click here to read the next part

Post a Comment

0 Comments