আহোম ৰজাসকলৰ চমু পৰিচয় (সপ্তম খণ্ড)
৩২)চ্যু নেন ফা(১৭৪৪-১৭৫১)
বুঢ়াগোহাঁই: চেং মুঙ, সোণাই
বৰগোহাঁই: খাম পেঙ, দলবন্ধা
বৰপাত্ৰগোহাঁই: মৃত্যুঞ্জয়
শিৱ সিংহৰ মৃত্যুৰ পাছত ৰুদ্ৰ সিংহৰ দ্বিতীয় পুত্ৰ চ্যুনেনফা ৰজা হয়।তেখেতৰ হিন্দু নাম প্ৰমত্ত সিংহ।
স্বর্গদেউ ৰুদ্ৰ সিংহই কাঠ-বাঁহেৰে বনোৱা ৰংঘৰ ১৭৪৬ চনত প্ৰমত্ত সিংহই পকীকৈ নিৰ্মাণ কৰে।ৰংঘৰেই এছিয়াৰ আটাইতকৈ পুৰণি ৰঙ্গমঞ্চ (Amphitheater)।
স্বর্গদেউ প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মান কৰায়।
তেখেতৰ দিনটো ৰাজ্যত মাটিৰ জৰীপ কৰা হৈছিল।
৩৩)চ্যু ৰেম ফা(১৭৫১-১৭৬৯)
বুঢ়াগোহাঁই: ভোলোক, চাংমাই কলিয়া, ভগী
বৰগোহাঁই: নুমলী
বৰপাত্ৰগোহাঁই: কম্বুকণ্ঠ,লেচেঙীয়াল
প্ৰমত্ত সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ তথা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ ছ্যুৰেমফা বা ৰাজেশ্বৰ সিংহ ৰাজসিংহাসনত অধিষ্ঠিত হয়।
(ৰুদ্ৰ সিংহৰ তৃতীয় পুত্ৰ মোহনমালাৰ মুখত সৰু আইৰ দাগ থকা বাবে তেওঁ ৰজা হোৱাৰ পৰা বঞ্চিত হয় আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ সহযোগত ৰাজেশ্বৰ সিংহক ৰজা পতা হয়)
ৰজা হৈ তেওঁ ভাতৃক নামৰূপৰ ৰজা পাতি তালৈ পঠাই দিয়ে।
ৰাজেশ্বৰ সিংহই ডফলা,মিকিৰসকলৰ বিদ্ৰোহ দমন কৰিছিল।
কছাৰী ৰজায়ো আহোমৰ তলতীয়া হৈ থাকিছিল।
তেখেতৰ ৰাজত্ব কালতেই মানসকলে মণিপুৰ আক্ৰমণ কৰে।মণিপুৰী ৰজা জয় সিংহই আহোম ৰজাৰ সহায় বিচাৰে।
ৰাজেশ্বৰ সিংহই হৰনাথ ফুকনৰ নেতৃত্বত এটা সৈন্য বাহিনী চৰাইদেউৰ দক্ষিণ দিশেদি (বৰ্তমানৰ গোলাঘাটৰ দক্ষিণ দিশে) মণিপুৰলৈ পঠাই।যাওঁতে অৰণ্যৰ ডাঠ হাবি-বন, লতা কাটি বাট উলিয়াই যাব লগা হোৱাত আৰু অৰণ্যৰ সৰ্প দংশন, কীট-পতংগৰ কামোৰণিত আধা বাটতে আহোম সৈন্য জুৰুলা হৈ পৰে, কিছু লোকৰ মৃত্যুও হয়, প্ৰায় এমাহ ধৰি তেওঁলোকে কেৱল ডাঠ হাবি-বন লতাৰ লগতেই যুদ্ধ কৰিব লগীয়া নিচিনা পৰিস্থিতি হয়।সেয়ে ৰজাই এই অভিযান আধাতে সামৰি ঘূৰি আহিবলৈ কয়।১৭৬৫ চনৰ এই অভিযানকেই 'লতাকটা ৰণ' বুলি জনা যায়।
পাছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত এটা সৈন্য বাহিনী ৰহা পাৰ হৈ মণিপুৰলৈ যায় আৰু মানক পৰাস্ত কৰি জয় সিংহক পুনৰ ৰজা পাতি থৈ আহে।জয় সিংহই কৃতজ্ঞতাৰ চিন ৰূপেে নিজৰ জী কুৰঙ্গনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে।
এইজন ৰজাৰ দিনতেই গড়গাঁওত সাতখলপীয়া কাৰেংঘৰ আৰু ৰংপুৰত তলাতল ঘৰ নিৰ্মাণ কৰা হয়।
গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ, গোলাঘাটৰ নেঘেৰিটিঙৰ শিৱদৌল তেখেতৰ দিনতেই নিৰ্মাণ হয়।
কাৰেং ঘৰৰ বিষয়ে অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰকতলাতল ঘৰৰ বিষয়ে অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক
ৰজাৰ আশীৰ্বাদ পাই লাহে লাহে কীৰ্তি চন্দ্ৰ বৰবৰুৱা বৰ ক্ষমতাশালী হৈ উঠে।তেখেতৰ প্ৰভাৱ আৰু অত্যাচাৰত আহোমৰ বাকী ডাঙৰীয়া সকল অসন্তুষ্ট হয়।এই সময়তে ৰাজমন্ত্ৰী নুমলী বৰগোহাঞিয়ে চকৰীফেঁটী বুৰঞ্জী ৰচনা কৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলমবঁটা বুলি আখ্যা দিয়ে।ইয়াতে বৰবৰুৱাই অপমান পাই সেই সময়ৰ বহু বুৰঞ্জী দাহ কৰে।
কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰ্য-কলাপত মোৱামৰীয়া মহন্ত আৰু শিষ্য সকলো লঘু লাঞ্ছনাৰ সন্মুখীন হৈছিল।আগৰে পৰা উমি উমি জ্বলি থকা ক্ষোভৰ অগ্নিৰ বহিঃ প্ৰকাশ ঘটিছিল যেতিয়া মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ সপ্তভুজে (গাগিনী) যোৰহাটৰ মালৌ পথাৰত এটা বৰভেটি সাজি শিষ্যসকলৰ জনবল জানিব বিচাৰিছিল।
১৭৬৮ চনত নিৰ্মাণ কৰা এই বৰভেটিত শদিয়াৰ পৰা মানাহলৈকে সকলো শিষ্যই মাত্ৰ এচপৰাকৈ মাটি দি বিশাল বৰভেটি সাজি তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিয়াৰ লগতে ভৱিষ্যত গণ বিদ্ৰোহৰ জাননী দিছিল।
Post a Comment
0 Comments