আহোম ৰজাসকলৰ চমু পৰিচয় (অষ্টম খণ্ড)

 ৩৪)চ্যু নেউ ফা(১৭৬৯-১৭৮০)

বুঢ়াগোহাঁই: ভগী, ঘনশ্যাম

বৰগোহাঁই: বৰজনা, বাইলুং

বৰপাত্ৰগোহাঁই: লেচেঙীয়াল, মৰাণ, লৰি, ৰুদ্ৰেশ্বৰ


ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত কোন ৰজা হ'ব তাকে লৈ ডাঙৰীয়াসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।কিছুৱে ৰাজেশ্বৰ সিংহৰ জেষ্ঠ পুত্ৰক ৰজা পাতিবলৈ ইচ্ছা কৰে আৰু অন্য কিছুৱে পূৰ্বৰ নিয়ম মতে ৰুদ্ৰ সিংহৰ পুত্ৰক ৰজা পতাৰ কথা কয়।শেষত কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ সহযোগত ৰুদ্ৰ সিংহৰ পঞ্চম পুত্ৰ ছ্যুনেউফাই ৰাজপাটত বহে।তেখেতৰ হিন্দু নাম লক্ষ্মী সিংহ।

ৰজা হোৱাৰ পাছত পৰ্বতীয়া গোসাঁইয়ে লক্ষ্মী সিংহক শৰণ দিবলৈ অমান্তি হয়, সেয়ে লক্ষ্মী সিংহই বংগদেশৰ পৰা নগোসাঁই নামৰ আন এজন শাক্ত গোসাঁই আনি তেওঁৰ ওচৰত শৰণ লয়।

ৰজা হোৱাৰ পাছত তেওঁ ৰাজেশ্বৰ সিংহৰ পুত্ৰক নামৰুপলৈ খেদি পঠাই।

লক্ষ্মী সিংহ শাৰীৰিকভাৱে অলপ দুৰ্বল আছিল সেয়ে ৰাজ্যৰ কামকাজ বিশেষকৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাইহে চলাইছিল।

এবাৰ এটা কথাত লাগি  কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া শিষ্য তথা মৰাণসকলৰ নেতা নাহৰখোৱা আৰু ৰাঘ মৰাণক গালি শপনি পাৰি মাৰপিট কৰে আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়াই।

এইদৰে অপমানিত হৈ দুয়ো শিষ্যই মোৱামৰীয়া গোসাঁই ওচৰলৈ গৈ বিদ্ৰোহৰ বাবে অনুমতি বিচাৰে।ইতিমধ্যেই কেইবাবাৰো অপমানিত আৰু ক্ষুদ্ধ হৈ থকা গোসাঁইয়ে এয়াই উপযুক্ত সময় বুলি সকলো শিষ্যকে ৰাজদ্ৰোহ কৰাৰ অনুমতি দিয়ে।

মোৱামৰীয়া মহন্তৰ পুত্ৰ বাগনে নিজকে নামৰূপৰ ৰজা ঘোষণা কৰি বিদ্ৰোহী দলটোক নেতৃত্ব দিয়ে।তেওঁলোকৰ লগত কিছু ৰজাঘৰীয়া লোকেও যোগ দিয়ে।এনেকৈয়ে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হয়।

১৭৬৯ চনত বিদ্ৰোহীসকলে ৰাজসৈন্যক পৰাস্ত কৰি ৰাজধানী দিশে আগবাঢ়ে।লক্ষ্মী সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাবলৈ চেষ্টা কৰোতেই ধৰা পৰে।তেওঁক জয়দ'লত বন্দী কৰি ৰখা হয়।বিদ্ৰোহী সকলে কীৰ্তি চন্দ্ৰ বৰবৰুৱাক নচচাঁ শূলত দি হত্যা কৰে।ৰাজধানী দখল কৰি তেওঁলোকে বহু ডাঙৰীয়াক ধৰি হত্যা কৰে, কিছু পলাই সাৰিবলৈ সক্ষম হয়।ৰাঘ মৰাণে ৰাজকুঁৱৰী কুৰঙ্গনয়নীকো লৈ যায়।

বিদ্ৰোহী সকলে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্তক ৰজা পাতে আৰু ৰাঘ মৰাণ বৰবৰুৱা হয়।এনেদৰে সকলো উচ্চ বিষয়-ববীয়াৰ পদ মোৱামৰীয়া সকলৰ দ্বাৰা পূৰণ কৰা হয়।

ৰাজধানী দখলৰ পাছত মোৱামৰীয়া সকলে বহু লোকক জোৰকৈ মোৱামৰীয়া সত্ৰৰ শিষ্য হ'বলৈ বাধ্য কৰায়, আন আন সত্ৰৰ লোকসকলক অত্যাচাৰ কৰিবলৈ ধৰে লাহে লাহে তেওঁলোকে সাধাৰণ প্ৰজাক অত্যাচাৰ কৰিবলৈ ধৰে। কিছুদিনৰ পাছতেই তেওঁলোকৰ নিজৰ মাজতো ক্ষমতা কেন্দ্ৰিক বিতৰ্কই দেখা দিয়ে।

এনেদৰে ৰাজধানী দখলৰ প্ৰায় ৫ মাহ মানৰ পাছতেই এদিন বহাগ বিহুৰ সময়ত আহোম ডাঙৰীয়া সকলে ৰাজকুঁৱৰী কুৰঙ্গনয়নীৰ সহায়ত ৰাঘ মৰাণক হত্যা কৰে।বিদ্ৰোহৰ আন এজন নেতা ৰমাকান্তকৰ লগতে বহুকেইজন মোৱামৰীয়া বিদ্রোহীক ধৰি হত্যা কৰা হয়। বিদ্ৰোহীসকল পলাই যায়।আহোম ডাঙৰীয়াসকলে ৰাজধানী উদ্ধাৰ কৰি লক্ষ্মী সিংহক পুনৰ সিংহাসনত বহুৱাই।

ইয়াৰ পাছতো বিদ্ৰোহী সকলে আক্ৰমণৰ চেষ্টা কৰে যদিও সেইয়া দমন কৰি বিদ্ৰোহী সকলক নামৰূপলৈ খেদি পঠোৱা হয়।

লক্ষ্মী সিংহৰ দিনত নিৰ্মিত কেইটামান কীৰ্তি চিহ্ন হৈছে - ৰুদ্ৰসাগৰ পুখুৰী,নামতি দ'ল, বগীদ'ল।

১৭৮০চনৰ ডিচেম্বৰ মাহত লক্ষ্মী সিংহৰ মৃত্যু হয়।


৩৫)চ্যু হিত পাং ফা(১৭৮০-১৭৮৫)

বুঢ়াগোহাঁই: ঘনশ্যাম,পূৰ্ণানন্দ

বৰগোহাঁই: বাইলুং,বিশ্বনাৰায়ণ,নিৰ্ভয়নাৰায়ণ,গঙ্গাৰাম

বৰপাত্ৰগোহাঁই: ৰুদ্ৰেশ্বৰ,অনি


লক্ষ্মী সিংহৰ মৃত্যুৰ পাছত পুত্ৰ চ্যুহিতপাংফা ৰাজপাটত বহে আৰু হিন্দুমতে গৌৰীনাথ সিংহ নাম লয়।

১৭৮২ চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হয়।এইবাৰ বহু মোৱামৰীয়াক হত্যা কৰা হয়।বহু মোৱামৰীয়া আহোম ৰাজ্য এৰি চুবুৰীয়া ৰাজ্যলৈ পলাই যায়।ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত বিদ্ৰোহীসকল বিফল হয়।

পুনৰ ১৭৮৬ চনত মোৱামৰীয়াসকলে তৃতীয় বিদ্ৰোহ কৰে।এইবাৰ তেওঁলোকে ৰাজবাহিনীক পৰাস্ত কৰি ৰাজধানী দখল কৰে।গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যায়।তেওঁলোকে ভৰত সিংহ নামৰ মোৱামৰীয়া মহন্তৰ আত্মীয় এগৰাকীক ৰজা পাতে।

পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোম সৈন্যৰ কোঠ যোৰহাটলৈ পিছুৱাই আনে আৰু তাৰ পৰাই ৰাজ্য ৰক্ষাৰ চেষ্টা চলাই থাকে।

খোদ ৰাজধানীতে আহোম ৰাজশক্তিৰ বিপৰ্য্যৰ কথা গম যায় সমগ্ৰ ৰাজ্যতে সৰু বৰ বিদ্ৰোহে গা কৰি উঠে।বিশেষকৈ দৰঙৰ ৰজাই আহোমক দিব লগীয়া কৰ দিবলৈ অমান্তি হয়।উজনিত সৰ্বানন্দ নামৰ মোৱামৰীয়া নেতা এজনে ৰজা ঘোষণা কৰি নিজৰ নামত মোহৰ মাৰিবলৈ লয়।ইফালে কামৰূপৰ হৰদত্ত চৌধুৰীয়ে বংগৰ পৰা বৰকান্দাজ সৈনিক আনি আহোমৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে।

এনে ৰাজনৈতিক বিপদৰ পৰা ৰক্ষা পাবলৈ গৌৰীনাথ সিংহই ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ সহায় বিচাৰে।

সেইমতে ১৭৯২ চনত কেপ্টেইন থমাচ ৱেলছৰ নেতৃত্বত এদল ইংৰাজ সৈন্য অসমলৈ আহে আৰু নামনি অসমৰ আটাইবোৰ বিদ্ৰোহ দমন কৰে।

ইয়াৰ পাছত ১৭৯৩ চনৰ ৯ ফেব্ৰুৱাৰীত কে. ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত এখন বাণিজ্যিক চুক্তি সম্পন্ন হয়।

এই চুক্তিৰ পাছতেই কে. ৱেলছ উজনিৰ ফালে ৰাওনা হয়।

ব্ৰিটিছ আৰু আহোমৰ যুটীয়া আক্ৰমণত মোৱামৰীয়া ধৰাশায়ী হয়।ৰজা ভৰত সিংহও ঘুণীয়া হয়।ৰংপুৰ পুনৰুদ্ধাৰ কৰি ১৭৯৪ চনৰ ২১ মাৰ্চত গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে।

ইতিমধ্যে কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ ঠাইত ছাৰ জন ছোৰ হয়।তেওঁ আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা নীতি অৱলম্বন কৰে।ফলত কে.ৱেলছ উভতি যাব লগীয়া হয়।

ব্ৰিটিছ যোৱাৰ পাছতেই মোৱামৰীয়াসকলে পুনৰ ৰংপুৰ দখল কৰে।পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত যোৰহাট সুৰক্ষিত হৈ থকা বাবে গৌৰীনাথ সিংহই ৰাজধানী যোৰহাটলৈ তুলি নিয়ে।

ৰাজধানীৰ কাষতে এখন নৈৰ আৱশ্যকতা অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দিচৈ নৈক খান্দি ৰাজধানীৰ কাষেৰে বোৱাই ব্ৰহ্মপুত্ৰত পেলাইছিল।এইখনকে ভোগদৈ নামেৰে জনা যায়।সম্ভৱতঃ পৃথিৱীৰ একমাত্ৰ মানুহে খন্দা নৈ।

আহোম ৰজাসকলৰ ভিতৰত গৌৰীনাথ সিংহই আছিল আটাইতকৈ দুৰ্বল,অযোগ্য আৰু ভীৰু।তেখেতৰ দিনত ৰাজ্যৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল।


৩৬)চ্যু কলিং ফা(১৭৯৫-১৮১০)

বুঢ়াগোহাঁই: পূৰ্ণানন্দ

বৰগোহাঁই: গঙ্গাৰাম,নৰহৰি

বৰপাত্ৰগোহাঁই: অনি,দুৰ্গেশ্বৰ


গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ কোনো সন্তান নথকাত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত গদাধৰ সিংহৰ বংশৰ কিনাৰাম ৰজা হয়।তেখেতৰ হিন্দু নাম কমলেশ্বৰ সিংহ।

তেওঁৰ দিনত আহোম সৈন্য বাহিনীৰ বহুখিনি পৰিৱৰ্তন কৰা হয়।এই ক্ষেত্ৰত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে লৰ্ড ৱেলছেলিৰো সহায় লৈছিল।আহোম সৈন্যৰ দা-দৰমহা, ভৰণ-পোষণৰ বাবে সত্ৰৰ মহন্তসকলৰ পৰাও বৰঙণি লোৱা হৈছিল।

১৭৯৫ চনত কামৰূপত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ককাই-ভাইয়ে দন্দুৱা দ্ৰোহ আৰম্ভ কৰে।তেওঁলোকৰ সৈন্য বাহিনীক দন্দুৱা বুলি কোৱা হৈছিল সেইবাবে এই বিদ্ৰোহক দন্দুৱা দ্ৰোহ বুলি জনা যায়।পাছত এই বিদ্ৰোহ দমন কৰি হৰদত্ত আৰু বীৰদত্ত দুয়োকে হত্যা কৰা হয়।বিশেষকৈ কলীয়া ভোমোৰা ফুকনে এই বিদ্ৰোহ দমন কৰাৰ বাবে ৰজাই তেওঁক প্ৰতাপবল্লভ উপাধি প্ৰদান কৰে।https://as.wikipedia.org/wiki/দন্দুৱা দ্ৰোহ

কমলেশ্বৰ সিংহৰ দিনটো মোৱামৰীয়া সকলে বহু কেইবাৰ বিদ্ৰোহৰ চেষ্টা কৰে।

১৮০৫ চনত উজনিৰ বেংমৰাত সৰ্বানন্দ সিংহই মানৰ সহায় লৈ বিদ্ৰোহ আৰম্ভ কৰে।এইবাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই সৰ্বানন্দৰ লগত এখন চুক্তি কৰে।চুক্তি অনুসৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ অংশক মটক ৰাজ্য নাম দি এখন ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু সৰ্বানন্দ সিংহক আহোমৰ কৰতলীয়া ৰজা হিচাপে মটক ৰাজ্য শাসন কৰিবলৈ দিয়ে।এনেকৈয়ে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত হয়।

কমলেশ্বৰ সিংহৰ দিনতে কলীয়া ভোমোৰা বৰফুকনে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন সেঁতু নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰে যদিও সেইকামৰ মাজতে তেখেতৰ মৃত্যু হয়।দেশ স্বাধীনৰ পাছত ১৯৮৭ চনত ভাৰত চৰকাৰে সেইঠাইতে এখন দলং নিৰ্মাণ কৰি কলীয়া-ভোমোৰা নাম দিয়ে।এইখন ভাৰতৰ তৃতীয় বৃহৎ পথ দলং।

কমলেশ্বৰ সিংহ অতি কম বয়সতে ৰজা হৈছিল।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১৪-১৬ বছৰ ।তেখেতৰ ৰাজত্ব কালত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইহে ৰাজ্য শাসন কৰিছিল বুলি ক'ব পৰা যায়।

তেখেতৰ দিনতে শ্ৰী কান্ত সূৰ্যই ৰামায়ণৰ লংকা কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল।



সহায়ক গ্ৰন্থ --- খাম ৰাপ, অসম ইয়াৰ বুক, Glimpses into The History of Assam

To read the next part click here

Post a Comment

0 Comments