আহোম ৰজাসকলৰ চমু পৰিচয় (নৱম খণ্ড)

 ৩৭) চ্যু ডিঙ ফা(১৮১০-১৮১৮)

বুঢ়াগোহাঁই:পূৰ্ণানন্দ, ৰুচিনাথ

বৰগোহাঁই: নৰহৰি, নিৰ্ভয়নাৰায়ণ

বৰপাত্ৰগোহাঁই:দুৰ্গেশ্বৰ,দন্দেশ্বৰ,ধনী

               কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত কমলেশ্বৰ সিংহৰ ১৪ বছৰীয়া ভাতৃ চ্যুডিংফাক ৰজা পতা হয়। তেখেতৰ হিন্দু নাম চন্দ্ৰকান্ত সিংহ।

চন্দ্ৰকান্ত সিংহৰ বাল্য বন্ধু আছিল সৎৰাম তেওঁ ৰাজপৰিয়ালৰ নাছিল।পাছলৈ ৰজাই সৎৰামক চাৰিঙিয়া ফুকন বাব দি ৰাজসভাত ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল।ৰজাৰ বন্ধু আৰু পৰামৰ্শদাতা হিচাপে সৎৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল।ৰজাইও বাকী ডাঙৰীয়াসকলতকৈ সৎৰামৰ কথা বেছিকৈ শুনিছিল।পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ক্ষমতাত সৎৰামে নিজৰ অভিলিপ্সা পূৰ্ণ কৰিব পৰা নাছিল।সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ বাবে সৎৰামে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰে।কিন্তু এই ষড়যন্ত্ৰ ফাদিল হৈ পৰাত সকলো ষড়যন্ত্ৰকাৰীক পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মৃত্যুদণ্ড দিয়ে।সৎৰামে বাচিবলৈ ৰজাৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ পঠাই তাতে নগাৰ দ্বাৰা হত্যা কৰা হয়।

সৎৰামৰ ষড়যন্ত্ৰৰ সৈতে গুৱাহাটীৰ বদনচন্দ্ৰ বৰফুকনো জড়িত থকাৰ গম পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বদনক ধৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠাই।পূৰ্বৰে পৰা বদনৰ অনৈতিক কাম-কাজত বুঢ়াগোহাঁই অসন্তুষ্ট হৈ আছিল।ইফালে পূৰ্ণানন্দৰ বোৱাৰীয়েক তথা বদনৰ জীয়েক পিজৌ গাভৰুৱে এই কথা গম পাই আগতীয়াকৈ বাপেকলৈ বাতৰি পঠাই।

খবৰ পাইয়ে বদনে ব্ৰিটিছৰ সহায় বিচাৰে।কিন্তু ব্ৰিটিছে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে ইতিমধ্যেই জ্ঞাত আছিল সেয়ে তেওঁৰ বিৰুদ্ধে বদনক একো সহায় নকৰিলে।

ব্ৰিটিছৰ সহায় লাভ নকৰি বদনে ব্ৰহ্মদেশৰ ৰজাৰ সহায় বিচাৰে।সেইসময়ৰ মান ৰজা বদৌপায়াৰ ৰাণী আছিল ৰঙিলী আইদেউ, বদনৰ পেহীয়েক।ৰঙিলী আইদেউৰ অনুৰোধত বদনে মান ৰজাৰ সহায় লাভ কৰে।

১৮১৬ চনৰ শেষৰ ফালে বদনচন্দ্ৰই পৰাই ৮০০০ মান সৈন্য আৰু কেইবাহাজাৰ ওচৰৰ কৰতলীয়া ৰাজ্যৰ পৰা সৈন্য লৈ অসমত প্ৰৱেশ কৰে।এইয়াই আছিল মানৰ প্ৰথম আক্ৰমণ।মানক ৰুধিবলৈ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰে । কিন্তু মানৰ হাতত আহোম সৈন্য পৰাজিত হয়।এই যুদ্ধ ঘিলাঝাৰিত হৈছিল। যুদ্ধত পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়।বুৰঞ্জীৰ মতে তেওঁ আত্মহত্যা কৰিছিল।তেখেতৰ মৃত্যুৰ পাছত পুত্ৰ ৰুচিনাথে দিহিঙৰ পূবে কঠালবাৰীত মানৰ লগত যুদ্ধ কৰে।যুঁজত পৰাজিত হৈ ৰুচিনাথ গুৱাহাটীলৈ পলাই যায়।

মানে ৰাজধানীত প্ৰৱেশ কৰে।বদন বৰফুকনে চন্দ্ৰকান্ত সিংহক নামমাত্ৰ ৰজা পাতি সকলো ক্ষমতা নিজ হাতলৈ আনে।

বদন বৰফুকনে অনেক ধন সোণৰ লগে থেমো আইদেউ নামৰ আহোমৰ গাভৰু এগৰাকীক মান ৰজালৈ দি মানসকলক বিদায় দিয়ে।

মানৰ প্ৰত্যাৱৰ্তনৰ পাছতে বদন বৰফুকন ৰাজ্যত সৰ্বেসর্বা হৈ পৰে।তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থকসকলক অত্যাচাৰ কৰিবলৈ ধৰে।বৰফুকনৰ অত্যাচাৰত অতিষ্ঠ হৈ নুমলী ৰাজমাওয়ে নিৰ্ভয়নাৰায়ণ বৰগোহাঁই আৰু ধনী বৰবৰুৱাৰ লগত পৰিকল্পনা কৰি ৰূপসিং নামৰ চুবেদাৰ এজনৰ হতুৱাই বদনক হত্যা কৰোৱাই।

বদনচন্দ্ৰৰ মৃত্যুৰ পাছত চন্দ্ৰকান্ত সিংহই গুৱাহাটীত গৈ থকা ৰুচিনাথক মাতি পঠাই ।কিন্তু ৰুচিনাথে ৰজাৰ কথা বিশ্বাসত নলৈ ব্ৰজনাথ আৰু পুত্ৰ পুৰন্দৰ সিংহৰ সৈতে মিলি কিছু চিপাহী লৈ যোৰহাটলৈ আহে।

ৰুচিনাথে যোৰহাট আক্ৰমণ কৰিবলৈ আহিছে বুলি চন্দ্ৰকান্তই লুকু ডেকাফুকনৰ নেতৃত্বত ৰাজধানী এৰি ৰংপুৰলৈ গুচি যায়।লুকু ডেকাফুকনে ৰুচিনাথক বাধা দিয়াৰ চেষ্টা কৰে যদিও বিফল হয়।


৩৮)পুৰন্দৰ সিংহ(১৮১৮-১৮১৯)

বুঢ়াগোহাঁই: ৰুচিনাথ

বৰগোহাঁই:মালভোগ,নিৰ্ভয়নাৰায়ণ,মাধৰাম

বৰপাত্ৰগোহাঁই:দন্দেশ্বৰ,ধনী


পুৰন্দৰ সিংহ আছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ নাতি ব্ৰজনাথৰ পুত্ৰ।চন্দ্ৰকান্ত সিংহ পলাই যোৱাত ৰুচিনাথ বুঢ়াগোঁহাইয়ে ব্ৰজনাথক ৰজা পাতিব খুজিছিল যদিও তেওঁ অংগক্ষত হোৱা বাবে পুত্ৰ পুৰন্দৰ সিংহক ৰজা পতা হয়।

পাছত চন্দ্ৰকান্তক ধৰি আনি কাণ কাটি ৰজা হোৱাৰ যোগ্যতা নাইকিয়া কৰা হয়।

ইফালে বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্তৰ সিংহাসনচ্যুতৰ কথা গম পাই ১৮১৯ চনত মানে দ্বিতীয় বাৰ অসম আক্ৰমণ কৰে।

মান সেনাপতি আলমিঙ্গিৰ নেতৃত্বত অহা মান সেনাই আহোমৰ সৈতে জাঁজীৰ ফুলপানীছিগাত যুদ্ধত অৱতীৰ্ণ হয়।আহোমে বাধা দিব নোৱাৰি পিছুৱাই আহে।পিছে পিছে মান সেনাও আহি যোৰহাট পাই।ৰজা পুৰন্দৰ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলাই যায়।মানসকলৰ সহায়ত চন্দ্ৰকান্ত পুনৰ সিংহাসনত বহে।সেইসময়ত চন্দ্ৰকান্ত নাম মাত্ৰ ৰজা আছিল প্ৰকৃত শাসন চলাইছিল মানসকলে।

৩৯) চ্যু ডিঙ ফা দ্বিতীয়বাৰ  (১৮১৯-১৮২১)

বুঢ়াগোহাঁই: ৰুচিনাথ, কলিবৰ

বৰগোহাঁই: নিৰ্ভয়নাৰায়ণ,ধনঞ্জয়

বৰপাত্ৰগোহাঁই:দন্দেশ্বৰ,ধনী

                    ৰজা হৈ চন্দ্ৰকান্তই পুৰন্দৰ আৰু ৰুচিনাথক ধৰি আনিবলৈ গুৱাহাটীলৈ এদল সৈন্য প্ৰেৰণ কৰে।পুৰন্দৰ আৰু ৰুচিনাথে এই কথা গম পাই বংদেশলৈ গৈ ব্ৰিটিছৰ ওচৰত আশ্ৰয় লয়।তেওঁলোকে মানৰ বিৰুদ্ধে ব্ৰিটিছৰ সহায় বিচাৰে যদিও ব্ৰিটিছে কোনোধৰণৰ সহায় কৰাৰ পৰা বিৰত থাকে।

ইতিমধ্যে মান সেনাপতি আলমিঙ্গিৰ স্বদেশলৈ উভতি যায়।তেওঁ চন্দ্ৰকান্তৰ সহায়ৰ বাবে মিহিমাঙ্গ তিলোৱাৰৰ নেতৃত্বত এদল মান সৈন্য ৰাখি থৈ যায়।

এই সময়চোৱাত মানসকলেই প্ৰকৃত শাসন কৰ্তা হৈ পৰে।তেওঁলোকে পুৰন্দৰ আৰু ৰুচিনাথৰ সমৰ্থনকাৰীসকলক নানা অত্যাচাৰ কৰিবলৈ ধৰে।

লাহে লাহে চন্দ্ৰকান্ত সিংহইয়ো মানৰ অধীনত্বৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰে।

১৮২০ চনত মিহিমাঙ্গ ব্ৰহ্মদেশলৈ উভতি যায়।

মান যাতে পুনৰ আহিব নোৱাৰে তাৰ বাবে চন্দ্ৰকান্তই প্ৰৱেশ পথ জয়পুৰত এটা গড় নিৰ্মাণৰ আয়োজন কৰে।সেইসময়ত মান ৰজা আছিল বদৌপায়াৰ নাতি বাগদাও।

আহোমে মানসেনাক ৰোধিবলৈ গড় নিৰ্মাণৰ বাতৰি পাই তেওঁ খঙত টিঙিৰিতুলা হৈ পৰে।পুনৰ মিহিমাঙ্গাৰ নেতৃত্বত এদল মান সেনা অসম আক্ৰমণ কৰিবলৈ আহে।

তেওঁলোকে গড় নিৰ্মাণৰ দায়িত্বত থকা পাতাল বৰবৰুৱাক হত্যা কৰে।বহু আহোম সৈন্যৰো প্ৰাণহানি হয়।মান অহা গম পাই চন্দ্ৰকান্তই গুৱাহাটীলৈ পলায়ন কৰে।

চন্দ্ৰকান্ত সিংহই আছিল আহোমৰ শেষ স্বাধীন ৰজা।


৪০)যোগেশ্বৰ সিংহ(১৮২১-১৮২৫)

বুঢ়াগোহাঁই: ৰুচিনাথ, ৰূপেশ্বৰ, কলিবৰ

বৰগোহাঁই:ধনঞ্জয়,জাইৰো

বৰপাত্ৰগোহাঁই:পিজলি, খৰামল


মানসকলে যোৰহাট দখল কৰি চন্দ্ৰকান্তক ঘূৰি আহিবলৈ কয় যদিও  চন্দ্ৰকান্ত উভতি নাহে।সেয়ে ১৮২১ চনত মানসকলে যোগেশ্বৰ সিংহক ৰজা পাতে।তেখেতক মানে পতা ৰজা বুলি জনা যায়।আচলতে যোগেশ্বৰ সিংহ মানৰ কৰতলীয়া ৰজা আছিল।এই সময়ছোৱাত মানসকলেহে ৰাজ্য শাসন কৰিছিল।

যোৰহাটৰ পাছত মানে গুৱাহাটীও দখল কৰে।তেওঁলোকে ইংৰাজৰ ৰাজ্যত গৈ থকা পুৰন্দৰ আৰু চন্দ্ৰকান্তক গতাই দিবলৈ দাবী জনায়।ইংৰাজে এই দাবী প্ৰত্যাখান কৰে।

ইংৰাজৰ পোনপটীয়া সঁহাৰি নাপাই চন্দ্ৰকান্তই বংদেশৰ কিছু ভেৰুণীয়া সৈন্য আনি গুৱাহাটী উদ্ধাৰ কৰি যোৰহাটৰ দিশে আগবাঢ়ে।এই সময়তে মান ৰজাই মিঙ্গিমাহা বন্দুলাৰ নেতৃত্বত আৰু এদল মান সেনা অসমলৈ প্ৰেৰণ কৰে।

১৮২২ চনৰ ১৯ এপ্ৰিলত যোৰহাটৰ ম'হগড়ত (বৰ্তমান ককিলামুখ) চন্দ্ৰকান্ত আৰু মান সেনাৰ মাজত যুদ্ধ হয়।যুদ্ধত আহোম সেনা পৰাজিত হয়।ম'হগড় ৰণেই আছিল আহোমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ।

এই ৰণৰ পাছৰে পৰাই মানসকলৰ সাধাৰণ প্ৰজাৰ ওপৰতো অত্যাচাৰ আৰম্ভ হয়।মানৰ অমানুষিক পৈশাসিক অত্যাচাৰত বহু মানুহ, ঘৰ-দুৱাৰ, গাওঁ ধ্বংস হয়।বহু লোকে ৰাজ্য এৰি কাষৰীয়া অঞ্চললৈ পলাই যায়।

সম্পূৰ্ণ অসম অধিকাৰ কৰাৰ পাছত লাহে লাহে মানসকলে ব্ৰিটিছৰ ৰাজ্যতো উপদ্ৰৱ আৰম্ভ কৰে।মানৰ উপদ্ৰৱত অতিষ্ঠ হৈ অৱশেষত ১৮২৪ চনৰ ৫ মাৰ্চত গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

সমগ্ৰ অসমৰ পৰা মানক খেদি ব্ৰিটিছে ব্ৰহ্মদেশৰ ইয়াণ্ডাবু চহৰ পৰ্যন্ত আক্ৰমণ কৰে।উপায়হীন হৈ মানৰজাই ব্ৰিটিছৰ সৈতে এক সন্ধি স্বাক্ষৰিত কৰে।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হোৱা এই সন্ধিয়েই আছিল ইয়াণ্ডাবু সন্ধি

এই সন্ধিৰ লগে লগে ইঙ্গ-বাৰ্মা যুদ্ধৰ অন্ত পৰে আৰু সন্ধি অনুযায়ী অসম ব্ৰিটিছৰ অধীনলৈ যায়।

To read next part click here

Post a Comment

0 Comments