আহোম ৰজাসকলৰ চমু পৰিচয় (দশম তথা অন্তিম খণ্ড)

 পুৰন্দৰ সিংহ দ্বিতীয়বাৰ(১৮-১৮

মানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত ব্ৰিটিছে অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল যে ইংৰাজে অসমত উপনিৱেশ স্থাপন কৰিবলৈ অহা নাই, আহিছে অত্যাচাৰী মানৰ পৰা অসমক ৰক্ষা কৰিবলৈহে। মানসকল আঁতৰি 'লে আৰু অসমত মানৰ আক্ৰমণৰ পৰা বাধা দিব পৰাকৈ সুস্থিৰ চৰকাৰ গঠন 'লে কোম্পানীয়ে অসম এৰি গুচি যাব। কিন্তু ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা ব্ৰিটিছৰ পূৰ্বৰ মনোভাৱৰ দ্ৰুত পৰিৱৰ্তন ঘটে। মানসকলক খেদাই তেওঁলোকে নিজেই লাহে লাহে প্ৰশাসনৰ পাতনি মেলে।

1828 চনত ধনঞ্জয় বৰগোহাঁই আৰু ৰাজপৰিয়ালৰ গমধৰ কোঁৱৰৰ নেতৃত্বত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে বিদ্ৰোহ হয়। কিন্তু এই বিদ্ৰোহ বিফল হয়। গমধৰ কোঁৱৰ (21) ইংৰাজৰ হাতত ধৰা পৰে। ধনঞ্জয় বৰগোহাঁই পলাই যাবলৈ সক্ষম হয়।ইয়াৰ পাছত 1829 চনত যোগেশ্বৰ সিংহৰ বংশৰ গদাধৰ সিংহ নামেৰে এজন কোঁৱৰে পুনৰ আহোম ৰাজতন্ত্ৰ চেষ্টা চলাই যদিও বিফল হয়।

1830 চনত ধনঞ্জয় বৰগোহাঁই, পুত্ৰদ্বয় হৰনাথ আৰু হৰকান্ত পানীফুকন, জীউৰাম দুলীয়া বৰুৱা আদি লোকসকলে পৰিকল্পিত ভাৱে বিদ্ৰোহৰ আৰম্ভ কৰে। তেওঁলোকে তেওঁলোকে শিৱসাগৰত থকা ব্ৰিটিছৰ খাৰ-বাৰুদৰ ঘৰটো জ্বলাই দিয়ে। এই ঘটনাৰ পাছতেই পিয়লি ফুকন, জীউৰাম দুলীয়াকে আদি কৰি কেইজনমান বিদ্ৰোহী ধৰা পৰে।ধনঞ্জয় বৰগোহাঁই পলাই যাবলৈ সক্ষম হয়। বিচাৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে শিৱসাগৰৰ বৰপুখুৰী পাৰত 1830 চনত ফাঁচী দিয়ে।

ব্ৰিটিছসকলে দেখিছিল যে অসমীয়ালোকসকলে নিজৰ হেৰুৱা স্বাধীনতা ঘূৰাই পাবৰ বাবেহে বিদ্ৰোহ কৰিছিল। সেয়েহে ডেভিড স্কটৰ প্ৰতিবেদনৰ ভিত্তিত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম ৱেন্টিঙকে উজনি অসমৰ শদিয়া আৰু মটক ৰাজ্য বাদ দি বাকী অংশ শাসনৰ ভাৰ পুৰন্দৰ সিংহক গতাই দিয়ে। 1833 চনত পুৰন্দৰ সিংহ উজনি অসমৰ ৰজা হয়।

ব্ৰিটিছে তেওঁক দিয়া চৰ্তসমূহৰ ভিতৰত অন্যতম আছিল

1) ব্ৰিটিছক বছৰি 50,000 টকা কৰ দিব লাগিব

2) ব্ৰিটিছৰ দ্বাৰা নিযুক্ত এজন ৰাজনৈতিক বিষয়াৰ দ্বাৰা ৰাজ্য পৰিচালনা কৰিব লাগিব

 সেইসময়ত মণিৰাম দেৱান বৰভাণ্ডাৰ বৰুৱা হিচাপে নিযুক্ত হয়।

লাহে লাহে ৰাজ্যত দুৰ্নীতি বাঢ়িবলৈ ধৰাত ৰাজকোষলৈ অহা ৰাজহৰ পৰিমাণ কমিবলৈ ধৰে। ইয়াৰ ফলত পুৰন্দৰ সিংহই ব্ৰিটিছক কৰ পৰিশোধ কৰিব নোৱাৰা অৱস্থা হয়। সেয়ে 1838 চনত ব্ৰিটিছে পুৰন্দৰ সিংহৰ ৰাজ্য অধিগ্ৰহণ কৰে।ইয়াৰ লগে লগে আহোম ৰাজ্যৰ বেলি চিৰদিনৰ বাবে মাৰ যায়। 1839 চনত ব্ৰিটিছে এই ৰাজ্যখন শিৱসাগৰ আৰু লখিমপুৰ নামে দুখন জিলাত বিভক্ত কৰে।





প্ৰস্তুত কৰোঁতা বিকাশ ,   গোটেই কেইটা খণ্ডত সহায়ক গ্ৰন্থসমূহ --- ইতিহাসে সোঁৱৰা ছশটা বছৰ সৰ্বানন্দ ৰাজকুমাৰ, অসম বুৰঞ্জী মূল লেখক ছাৰ এডৱাৰ্ড গেইট অনুবাদিকা চেনেহী বেগম, খাম ৰাপ, অসম ইয়েৰ বুক, Glimpses into The History of Assam


📖 আৰম্ভণিৰ পৰা পঢ়িবলৈ ইয়াত স্পৰ্শ কৰক 📖

Post a Comment

0 Comments