আহোম ৰজাসকলৰ চমু পৰিচয় (প্ৰথম খণ্ড)

মধ্যযুগৰ অসমৰ আটাইতকৈ শক্তিশালী ৰাজ্য আছিল আহোম ৰাজ্য । আহোম সকলে মুঠ ৬০০ বছৰ ৰাজত্ব কৰিছিল।৬০০ বছৰত মুঠ ৩৯ জন ৰজাই ৪১ বাৰ শাসন কৰিছিল।



১)চ্যাও-লুঙ-চ্যুকাফা(১২২৮-১২৬৮) বুঢ়াগোহাঁই-থাও মুঙ ক্লিঙ্গ লুঙ মাং ৰাই        বৰগোহাঁই-থাও মুঙ কাঙ্গন


১২১৫ চনত চ্যুকাফাই মওলুঙ ৰাজ্যৰ পৰা আহি আহি ১২২৮ ত অসমত প্ৰৱেশ কৰে।

তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শলগুৰি,অভয়পুৰ,হাবুং,শিমলুগুৰি আদি কেইবাখনো ঠাইত কেইবছৰমানকৈ থাকি অৱশেষত ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে

চ্যুকাফাৰ ৰাজ্যৰ চাৰিসীমা আছিল এনেধৰণৰ - পূবে বুঢ়ী দিহিং,পশ্চিমে দিখৌ,উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে নগা পাহাৰ।

সেইসময়ত দিখৌ আৰু দিচাংৰ পাৰত মৰাণ আৰু বৰাহীসকলে বাস কৰিছিল।চ্যুকাফাই তেওঁলোকৰ লগত সংঘর্ষলৈ নগৈ প্ৰীতি আৰু বৈবাহিক সমন্ধৰে মিত্ৰতা স্থাপন কৰিছিল।সেই সময়ত মৰাণৰ ৰজা আছিল বাদৌচা আৰু বৰাহীৰ ৰজা আছিল থাকুমথা  

১৯৭২ চন মানৰ পৰা ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁইৰ পৃষ্ঠপোষকতাত চ্যুকাফাই পাটকাই পাৰহৈ অসমত (সৌমাৰখণ্ড) পদাৰ্প কৰা দিনটোক চ্যুকাফা দিৱস হিচাপে পালন কৰা হৈছিল। ১৯৮৭ চনত অসম চৰকাৰে চ্যুকাফা দিৱসক চৰকাৰী মান্যতা প্ৰদান কৰে।তেতিয়াৰ পৰাই ২ ডিচেম্বৰ তাৰিখটো 'অসম দিৱস' হিচাপে পালন কৰি অহা হৈছে।


২)চ্যু-তেও-ফা(১২৬৮-১২৮১)  বুঢ়াগোহাঁই-থাও ৰুৰু        বৰগোহাঁই-চাও বিন

চ্যুকাফাৰ মৃত্যুৰ পাছত পুত্ৰ চ্যুতেওফা ৰজা হয়।

তেওঁৰ শাসনকালতে কছাৰী ৰাজ্যৰ দিখৌ আৰু নামদাং নৈৰ মাজৰ অংশ আহোমে দখল কৰে।


৩)চ্যু-বিন-ফা(১২৮১-১২৯৩) বুঢ়াগোহাঁই-থাও ৰুৰু        বৰগোহাঁই-চাও বিন চাও পাঙ বাণ্ডুক

চ্যুতেওফাৰ  মৃত্যুৰ পাছত পুত্ৰ চ্যুবিনফা ৰজা হয়।তেখেতে বুঢ়াগোহাঁই আৰু বৰগোঁহাই মন্ত্ৰীদ্বয়ৰ মাজত ৰাজ্য শাসনৰ ক্ষমতা সমানে ভগাই দিয়ে।

চ্যুবিনফা ৰজাই মৰাণৰ ৰাজকুমাৰীক বিয়া কৰাইছিল।

আহোম ৰাজ্য
আহোম ৰাজ্য











৪)চ্যু-খাঙ-ফা(১২৯৩-১৩৩২) বুঢ়াগোহাঁই-থাও ৰুৰু        বৰগোহাঁই-চাও বিন চাও পাঙ বাণ্ডুক

চ্যুবিনফাৰ  মৃত্যুৰ পাছত পুত্ৰ চ্যুখাংফা ৰজা হয়।

তেওঁৰ ৰাজত্ব কালতেই মৰাণ আৰু বৰাহী আহোমৰ লগত চামিল হয় আৰু পাছলৈ বৰাহীজাতিৰ একো অস্তিত্ব নথকা হয় তেওঁলোক সম্পূৰ্ণৰূপে আহোমৰ লগত মিলি যায়।

 চ্যুখাংফাৰ ৰাজত্ব কালতেই আহোমে পোনপ্ৰথমবাৰৰ বাবে এক শক্তিশালী ৰাজ্যৰ লগত যুদ্ধ কৰিছিল। ৰাজ্যখন আছিল কমতা

যুদ্ধত দুয়ো ৰাজ্যৰে যথেষ্ট ক্ষতি হয়।শেষত কমতা ৰজা প্ৰতাপধ্বজে নিজৰ কন্যা ৰজনীক আহোম ৰজালৈ দি মিত্ৰতা স্থাপন কৰে।


৫)চ্যু-খ্ৰাম-ফা(১৩৩২-১৩৬৪) বুঢ়াগোহাঁই-চাও ফ্রঙ ডাম        বৰগোহাঁই-খুন তান কৰ, ত্যা ফ্ৰি খিন

চ্যুখাংফাৰ মৃত্যুৰ পাছত পুত্ৰ চ্যুখ্ৰামফা ৰজা হয়।

তেওঁক ভাতৃ চাও পোলাইয়ে হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰি ধৰা পৰাত চাও পোলাই কমতা ৰাজ্যলৈ পলাই যায়।চাও পোলাই আহোম ৰজা  চ্যুখাংফাৰ ৰাণী তথা কমতা ৰজাৰ জী ৰজনীৰ পুত্ৰ আছিল।


৬)চ্যু-তু-ফা(১৩৬৪-১৩৭৬) বুঢ়াগোহাঁই-চাও ফ্রঙ ডাম        বৰগোহাঁই-ত্যা ফ্ৰি খিন

চ্যুখ্ৰামফাৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ চ্যুতুফা ৰজা হয়।

তেওঁক চুতীয়া ৰজাই বিশ্বাসঘাটকতা কৰি হত্যা কৰে। এইয়া আছিল আহোম-চুতীয়াৰ মাজৰ যুদ্ধৰ আৰম্ভণি।

তেখেতৰ মৃত্যুৰ পাছত ৪ বছৰ কাল আহোম সিংহাসন উকা হৈ থাকে। এই সময়ছোৱাত মন্ত্ৰী বুঢ়াগোহাঁই আৰু বৰগোহাঞিয়ে ৰাজ্য পৰিচালনা কৰিছিল।


...আগলৈ


পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক

Post a Comment

0 Comments