টকিঅ' অলিম্পিক 2020

 


◆23 জুলাই 2021 ৰ পৰা 'টকিঅ' অলিম্পিক 2020' আৰম্ভ হৈ 8 আগষ্ট 2021 ত অন্ত পৰে।

◆টকিঅ' অলিম্পিক 2020 ত কাৰাটে, স্কেটবৰ্ডিং(skateboarding), স্পৰ্টছ ক্লিম্বিঙ(Sport climbingআৰু চাৰ্ফিং (Surfing) এই চাৰিবিধ খেল অলিম্পিকত নতুনকৈ সংযোজন কৰা হয়।

◆সৰ্বমুঠ 113 টা পদকেৰে আমেৰিকাই শীৰ্ষ স্থান দখল কৰে (সোণ-39,ৰূপ-41,ব্ৰঞ্জ-33)।

দ্বিতীয় স্থানত চীন মুঠ পদক 88টা (সোণ-38,ৰূপ-32,ব্ৰঞ্জ-18)।

তৃতীয় স্থানত জাপান মুঠ পদক 58 (সোণ-27,ৰূপ-14,ব্ৰঞ্জ-17)।

◆ভাৰতে 1টা সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকেৰে মুঠ 7 টা পদক লাভ কৰে। এইবাৰৰ অলিম্পিকতেই ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি তালিকাৰ 48 তম স্থান দখল কৰে।

◆ভাৰতৰ হৈ নিৰজ চোপ্ৰাই জেভেলিন থ্র'ত সোণৰ পদক অৰ্জন কৰি প্ৰথমজন ভাৰতীয় স্বৰ্ণ বিজয়ী এথলেটিক্স ৰূপে অভিলেখ সৃষ্টি কৰে।
তেখেতৰ এই অভিলেখৰ বাবে এথলেটিক্স ফেডাৰেচন অফ ইণ্ডিয়াই (AFI) প্ৰত্যেক বছৰৰ 7 আগষ্ট দিনটো ৰাষ্ট্ৰীয় জেভেলীন দিৱস হিচাপে পালন কৰিব বুলি ঘোষণা কৰে।

◆লাভলিনা বৰগোঁহাইয়েও 69কেজি শাখাৰ মহিলা বক্সিঙত ব্ৰঞ্জ পদক আজুৰি প্ৰথম গৰাকী অসমীয়া অলিম্পিয়ান হিচাপে অন্য এক ইতিহাস ৰচনা কৰে।

◆টকিঅ' অলিম্পিক 2020 ৰ প্ৰতীক আছিল মীৰাইয়েটৱা (miraitowa) নামৰ এটা কাল্পনিক চৰিত্ৰ।
 
◆টকিঅ' অলিম্পিক 2020 ৰ সকলোবোৰ পদকৰ  সোণ, ৰূপ আৰু ব্ৰঞ্জ পেলনীয়া বৈদ্যুতিক সামগ্ৰীৰ পৰা লোৱা হৈছিল।

◆2024 ত গ্ৰীষ্ম অলিম্পিক অনুষ্ঠিত হ'ব ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰু 2032 চনত অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত।

Post a Comment

0 Comments