আপোনাৰ পিএফত কিমান টকা জমা আছে কেনেদৰে জানিব ?

প্ৰতিজন চৰকাৰী বা ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীৰ অতি কমও এটা পিএফ একাউণ্ট আছে য'ত তেওঁৰ দৰমহাৰ এটা অংশ ভৱিষ্যতৰ বাবে প্ৰতিমাহে জমা হয় কিন্তু আমি প্ৰয়োজনত এই টকা আগতীয়াকৈ উলিয়াব পাৰো। যদি ব্যক্তিজনে বৰ্তমানৰ কৰ্মস্থল এৰিছে তেন্তে পিএফৰ সম্পূৰ্ণ টকা ঘৰৰ পৰাই সহজে উলিয়াব পাৰি।
আজি আমি চাওঁ আহক কেনেকৈ পিএফৰ টকা চাব আৰু উলিয়াব পাৰো

প্ৰথমে আপুনি আপোনাৰ UAN(UNIVERSAL ACCOUNT NUMBER)নম্বৰ জানিব লাগিব
আৰু তাৰ পিছত আপুনি আপোনাৰ UAN নম্বৰ সক্ৰিয় কৰিব লব লাগিব


আপোনাৰ UAN নম্বৰ কেনেকৈ জানিব
আপোনাৰ UAN জানিবলৈ আৰু সক্ৰিয় কৰিবলৈ ইয়াত ক্লিক কৰক

তলত দেখুৱাৰ দৰে আপুনি কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ MEMBER e-SEWA পৰ্টেলটোত সোমাই পৰিব

যদি আপুনি UAN নম্বৰ নাজানে তেন্তে পৰ্টেলটোৰ সোঁহাতে তলত থকা Know your UAN লিংকটোত ক্লিক কৰক। তলৰ পেজখন পাব

আপুনি আপোনাৰ কাৰ্য্যালয়ৰ তথ্যৰ লগত থকা মোবাইল নম্বৰ ভৰাই দিয়ক।নম্বৰটোত এটা OTP যাব। OTP ভৰাই Validate OTP কৰক


আপুনি সন্মুখত UAN দেখা পাব

যদি আপুনি এনেদৰে UAN নাপাই তেন্তে আপুনি আপোনাৰ কাৰ্য্যালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ(HR) পৰাও UAN জানি ল'ব পাৰে


আপোনাৰ UAN নম্বৰ কেনেকৈ সক্ৰিয় কৰিব
এতিয়া আপুনি UAN সক্ৰিয় কৰিবলৈ MEMBER e-SEWA পৰ্টেলটোৰ সোঁহাতে তললৈ আহক। Active UAN বুলি এটা লিংক দেখা পাব তাত ক্লিক কৰি যাওঁক। তলৰ ফৰ্ম খন দেখা পাব। সেইখন শুদ্ধকৈ পূৰ কৰক

Get Authorization Pin ত ক্লিক কৰক। আপোনাৰ মোবাইলত নম্বৰত বা ইমেইলত UAN নম্বৰ আৰু পাছৱৰ্ড যাব।
আপোনাৰ পিএফ একাউণ্ট সক্ৰিয় হৈ গল এতিয়া HOME পেজত গৈ লগ ইন কৰক।আপুনি ইচ্ছা কৰিলে এতিয়া জমা টকা উলিয়াব পাৰিব।

মনত ৰাখিব আপোনাৰ নাম,জন্ম তাৰিখ,ইমেইল আৰু মোবাইল নম্বৰ আখৰে আখৰে আপোনাৰ কাৰ্য্যালয়ৰ তথ্যৰ লগত মিলিব লাগিব অন্যথা আপোনাৰ পিএফ একাউণ্ট access কৰিব নোৱাৰিব

আপোনাৰ পিএফ জমা কিমান আছে কেনেকৈ জানিব
আপোনাৰ পিএফ জমা চাবলৈ ইয়াত ক্লিক কৰক

তলত দেখুৱাৰ দৰে পেজ এখন ওলাব।

আপোনাৰ UAN আৰু পাছৱৰ্ড টাইপ কৰি লগ ইন কৰক। তাৰ পাছত তলৰ পেজ খন ওলাব
আপুনি আপোনাৰ একাউণ্ট সক্ৰিয় কৰাৰ 6 ঘণ্টাৰ পিছত আপোনাৰ পিএফ বেলেন্স চাব পাৰিব
আপোনাৰ UAN ত সংলগ্ন হৈ থকা আটাইবোৰ মেম্বাৰ আই ডি শ্ব' হব।আপোনাৰ দৰকাৰী মেম্বাৰ আই ডি চিলেক্ট কৰি লওঁক।তাৰ পাছত তলৰ পেজ খন পাব

তিনিটা বিকল্প দেখা পাব।ইয়াৰ পৰা আপুনি View Passbook [OLD : FULL] ক্লিক কৰক।
আপোনাৰ পিএফৰ পাছবুক খন তলত দিয়াৰ দৰে ওলাব


টকা উলিওৱাৰ পদ্ধতি দুই ধৰণৰ এই বিষয়ে আগলৈ লিখা হব ।



পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক Prepared by Bikash Borgohain

Post a Comment

2 Comments