নেচ'নেল মনীটাইজ্যেচন পাইপলাইন (NMP)

               কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা  সীথাৰমনে যোৱা ২৩ আগষ্ট ২০২১ ত নেচ'নেল মনীটাইজ্যেচন পাইপলাইন ঘোষণা কৰে।

বস্তুটো কি হয়?

নেচ'নেল মনীটাইজ্যেচন পাইপলাইন এখন আঁচনি যাৰ জৰিয়তে ভাৰত চৰকাৰে ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডলৈ (৩০-৪০বছৰ) লীজত দিয়াৰ কথা প্ৰকাশ কৰিছে।

চৰকাৰী সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই অহা চাৰি বছৰৰ (২০২২-২০২৫ বিত্তীয় বৰ্ষ) ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫.৯৬ লাখ কোটি টকা সংগ্ৰহ কৰিব বুলি ঘোষণা কৰিছে।

অৱশ্যে সম্পত্তিৰ মালিকিস্বত্ব চৰকাৰ হাততে থাকিব আৰু ব্যক্তিগত খণ্ডই নিৰ্দিষ্ট সময়ৰ অন্তত ইয়াক ঘূৰাই দিব লাগিব।


কি কাৰণে এনে কৰা হৈছে?

ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই চৰকাৰে অধিক পুঁজি (Capital) সংগ্ৰহৰ কথা চিন্তা কৰিছে ।

উদাহৰণস্বৰূপে, চৰকাৰে এটা ৰাস্তাৰ নিৰ্মাণ আৰু Maintenance ত যদি হাজাৰ কোটি টকা বিনিয়োগ কৰে তেন্তে সেই টকা ৰাজহৰ যোগেদি চৰকাৰলৈ ঘূৰি আহিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।কিন্তু যদি চৰকাৰে এই কাম ব্যক্তিগত খণ্ডক এক নিৰ্দিষ্ট সময়ৰ বাবে চমজাই দিয়ে তেতিয়া চৰকাৰে একেবাৰতে এক বৃহৎ পুঁজি লাভ কৰিবলৈ সক্ষম হ'ব । আৰু ব্যক্তিগত খণ্ডই সেই নিৰ্দিষ্ট সময়ৰ বাবে ৰাস্তাটোৰ চোৱাচিতা কৰাৰ বাবদ কৰ সংগ্ৰহ কৰি নিজৰ মুনাফা আদায় কৰিব পাৰিব।


লাভ কি হ'ব?

এনে কৰাৰ বাবে চৰকাৰৰ হাতলৈ এক বৃহৎ পুঁজি আহিব। চৰকাৰে সেই পুঁজি National Infrastructure Pipeline 2019 (NIP) আঁচনিৰ অধীনত নতুন নতুন আন্তঃগাঁথনি নিৰ্মাণত ব্যয় কৰিব পাৰিব।ইয়াৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ কাৰ্য্যকলাপ খৰতকীয়াকৈ কৰিব পাৰিব।


অসুবিধা আৰু আশংকা

চৰকাৰী সম্পত্তি ব্যক্তিগত খণ্ডলৈ এৰি দিয়া প্ৰক্ৰিয়াটো ৰাজনৈতিক প্ৰভাৱৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাবে জড়িত। চৰকাৰৰ এই আঁচনিত বিৰোধীসকলে অভিযোগ কৰিছে যে এই আঁচনিয়ে মুষ্টিমেয় কেইজনমান ব্যৱসায়ীকহে লাভাম্বিত কৰিব।ইয়াৰ ফলত Monopoly সৃষ্টি হ'ব।এইটোয়ো আশংকা কৰা হৈছে যে ৰাজহুৱা সম্পত্তি যেনে বিমান বন্দৰ,ৰেলৱে,ৰাস্তা আদিৰ ব্যক্তিগতকৰণে উপভোক্তাৰ বাবে এই সেৱাসমূহ অধিক ব্যয়বহুল কৰি তুলিব।


NMP ৰ অধীনত অসমকো ধৰা হৈছে নেকি? যদি হৈছে অসমৰ কি কি সম্পত্তিৰ ব্যক্তিগতকৰণ হ'ব?

NMP ৰ অধীনত অসমৰ তলৰ সম্পত্তি কেইটা ব্যক্তিগত খণ্ডক চমজাই দিয়া হ'ব ...

অসমৰ শ্বিলং বাইপাছ পথ ৪৯ কিঃমিঃ

অসম পশ্চিমবংগৰ সীমাৰ পথ ২৬ কিঃমিঃ

গুৱাহাটীৰ ছাই (SAI) প্ৰকল্প ।


বিষয়টোৰ মূল কথাখিনি খুব চমুকৈ আৰু সৰলকৈ লিখাৰ চেষ্টা কৰা হৈছে সেই গতিকে বহুখিনি তথ্য বাদ পৰিছে।অধিক তথ্যৰ বাবে নীতি আয়োগৰ পৰ্টেল ব্ৰাউজ কৰিব পাৰে।


NITI Aayog





Prepared by Bikash Borgohain

Post a Comment

3 Comments