আহোম ৰজাসকলৰ চমু পৰিচয় (দ্বিতীয় খণ্ড)

আহোম ৰজা চ্যুতুফাৰ মৃত্যুৰ পাছত চাৰিবছৰ কাল মন্ত্ৰীদ্বয়ে ৰাজ্যৰ কামকাজ চলাই নিয়ে। ১৩৮০ চনত চ্যুতুফাৰ ভাতৃ তথা চ্যুখামফাৰ পুত্ৰ ত্যাও খাম টিক ৰজা পতা হয়। 

৭)ত্যাও খাম টি (১৩৮০-১৩৮৯) বুঢ়াগোহাঁই-ত্যা তান বিন        বৰগোঁহাই-চাও চাই থুম 

 ৰজা হৈয়ে ত্যাও খাম তিয়ে ভাতৃৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ যুদ্ধলৈ যায় আৰু ৰাজ্য শাসনৰ ভাৰ বৰৰাণীক দি থৈ যায়। বৰৰাণীৰ কোনো পুত্ৰ সন্তান নাছিল। সৰুৰাণী সেইসময়ত সন্তানসম্ভৱা আছিল।বৰৰাণীয়ে সামান্য কাৰণতে সৰুৰাণীক মৃত্যুদণ্ডৰ আদেশ দিয়ে। 
বুঢ়াগোহাঁই আৰু বৰগোহাঁইয়ে সৰুৰাণীক মৃত্যুদণ্ড নিদি গোপনে পলুৱাই পঠাই।পাছত সৰু ৰাণীয়ে হাবুংৰ বামুণ পৰিয়াল এঘৰত এটি পুত্ৰ জন্ম দিয়ে। 
ইফালে চুতীয়া ৰাজ্যক পৰাস্ত কৰি ৰজা ঘূৰি আহি সৰু ৰাণীৰ মৃত্যু হোৱা বুলি জানি শোকত ভাগি পৰে। 
পাছলৈ ৰজাৰ কাম-কাজত প্ৰজা অতিষ্ঠ হয়। ৰজাৰ কাম-কাজত অসন্তুষ্ট হৈ বৰগোহাঁই আৰু বুঢ়াগোহাঁইয়ে ত্যাও খাম টিক হত্যা কৰোৱায়। 
তেওঁৰ কোনো উপযুক্ত উত্তৰাধিকাৰী নথকাত বৰগোহাঁই আৰু বুঢ়াগোহাঁই মন্ত্ৰীয়ে ৯ বছৰ ৰাজ্য চলায়।

 ৮)চ্যু ডাং ফা(১৩৯৮-১৪০৭) বুঢ়াগোহাঁই-চাও চাই থুম        বৰগোহাঁই-ত্যা তান বিন 

 ৯ বছৰ অৰাজক হৈ থকাৰ পাছত মন্ত্ৰীদ্বয়ে হাবুঙৰ পৰা ত্যাও খাম টিৰ পুত্ৰক আনি ৰজা পাতে। চ্যু ডাং ফাই পুনপ্ৰথম শিঙৰী ঘৰত উঠা প্ৰথা প্ৰচলন কৰে। তেখেত বামুনৰ ঘৰত ডাঙৰ হোৱা বাবে বামুণী কোঁৱৰ বুলি জনা যায়। তেখেতেই প্ৰথম হিন্দু আচাৰ-নীতি গ্ৰহণ কৰে।
চ্যু ডাং ফাই দিহিঙ নৈৰ পাৰৰ চৰগুৱাত নতুনকৈ আহোমৰ ৰাজধানী পাতে।

Image taken from Internet
তেওঁৰ ৰাজত্ব কালতে টিপমীয়া সকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। ৰজাই গম পাই বুদ্ধিৰে তেওঁলোকক দমন কৰে । কিছুলোকক হত্যাও কৰে।
কিন্তু টাই চুলাই নামৰ টিপাম ডেকা এজনে পলাই গৈ নৰা ৰজা ছ্যুৰুমফাক চ্যুডাংফাৰ বিৰুদ্ধে খবৰ দিয়ে আৰু আহোম ৰাজ্যত এতিয়া বংশৰ ৰজা নাই বুলি উচতাই দিয়ে।
এই কথাত নৰা ৰজাই তেওঁৰ বৰগোহাঁই ছাচিনপেটক আহোম ৰাজ্য ল'বলৈ পঠিয়াই।
ইফালে চ্যুডাংফাই গম পাই তেৱোঁ বৰগোহাঁই ত্যা তান বিনক যুদ্ধৰ বাবে পঠাই।
কিন্তু যুদ্ধ নহৈ ১৪০১ চনত দুই ৰাজ্যৰ বৰগোহাঁইয়ে ভৱিষ্যতে আৰু কেতিয়াও ইখনে সিখন ৰাজ্যক আক্ৰমণ নকৰো বুলি কুকুৰা কাটি শপত খাই।
যি ঠাইত কুকুৰা কাটি শপত খাইছিল সেইঠাইক পাছলৈ পাটকাই নামেৰে জনা যায়।
পাটকাইৰ আগৰ নাম আছিল ডই-কাও-ৰং(নটা পৰ্বতৰ ঠাই)
পাটকাই পাহাৰ সিপাৰৰ মগঙ ৰাজ্যৰ তাঈ-শ্বান সকলকে নৰা বুলি কোৱা হয়।

৯)চ্যু-জাং-ফা(১৪০৭-১৪২২)    বুঢ়াগোহাঁই-চাও চাই থুম        বৰগোহাঁই-নাঙ চু খাম    

 ছ্যু ডাং ফাৰ পাছত পুত্ৰ চ্যু জাং ফা ৰজা হয়।

১০)চ্যু ফাক ফা(১৪২২-১৪৩৯)    বুঢ়াগোহাঁই-খেন লুঙ        বৰগোহাঁই-নাঙ নিম

চ্যু জাং ফাৰ পাছত পুত্ৰ চ্যু ফাক ফা ৰজা হয়।


এই দুজন ৰজাৰ দিনত আহোম ৰাজ্যত কোনো উল্লেখনীয় ঘটনা ঘটা নাছিল।


১১)চ্যু ছেন ফা(১৪৩৯-১৪৮৮)    বুঢ়াগোহাঁই-খেন লুঙ        বৰগোহাঁই-নাঙ নিম

চ্যু ফাক ফাৰ পাছত পুত্ৰ চ্যু ছেন ফা ৰজা হয়।
তেওঁৰ শাসন কালতেই টংচু নগাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল। এই আক্ৰমণত ৰজাও আঘাতপ্ৰাপ্ত হৈছিল।

১২)চ্যু হেন ফা(১৪৮৮-১৪৯৩)    বুঢ়াগোহাঁই-খেন লুঙ        বৰগোহাঁই-ত্যাও কান বানৰেক, নাঙ ৰাং

চ্যু ছেন ফাৰ পাছত পুত্ৰ চ্যু হেন ফা ৰজা হয়।তেখেতেৰ দিনত পুনৰ টংচু নগাই আক্ৰমণ কৰে।নগাই বৰগোহাঁই ত্যাও কান বানৰেকৰ শিৰচ্ছেদ কৰি মূৰটো লৈ যায়।
তাৰ পাছত তেওঁৰ ভতিজাক নাঙ ৰাঙে(বা নাঙ চুঙে) নগাক আক্ৰমণ কৰি পৰাস্ত কৰে।ডেকা নাঙ ৰাঙৰ বীৰত্বত ৰজাই তেওঁক বৰগোহাঁই পাতে।
তেওঁ কেইজন মান নগা মুখিয়ালক বন্দী কৰি ৰজাৰ ওচৰলৈ আনে।ৰজাই নগালোক কেইজনক দিচাংৰ পাৰত থাকিবলৈ দিয়ে।টংচু নগা থকাৰ বাবেই ঠাই খনৰ নাম টংচু আৰু পাছলৈ বাঘচু হয়
(বাঘচু বৰ্তমান শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত এখন গাওঁ)
তেওঁৰ সময়তে আহোম কাছাৰী যুদ্ধ হয়। যুদ্ধত আহোম পৰাজয় হয়।কছাৰীয়ে দিখৌ পাৰৰ এটা অংশ দখল কৰে।ইয়াৰোপৰি কছাৰী ৰজালৈ এগৰাকী আহোম ৰাজকন্যা দিব লগীয়া হয়। ৰাজকন্যা গৰাকীৰ নাম আছিল লাংজী।যুদ্ধ সিমানতে অন্ত পৰে।
১৪৯৩ চনত লানতুৰ্বান নামৰ এজন লোকে চ্যু হেন ফাক হত্যা কৰে। বুৰঞ্জীৰ মতে এই হত্যা বুঢ়াগোহাঁয়ে কৰাইছিল।

১৩)চ্যু পিম ফা(১৪৯৩-১৪৯৭)    বুঢ়াগোহাঁই-ফন লুঙ খা ফে পঙ        বৰগোহাঁই-নাঙ ৰাং

চ্যু হেন ফাৰ মৃত্যুৰ পাছত চ্যু পিম ফা ৰজা হৈ পিতৃবধী লানতুৰ্বান আৰু তেওঁৰ পুত্ৰক হত্যা কৰে।
বুঢ়াগোহাঁই খেন লুঙ এই হত্যাকাণ্ডত জড়িত থকাৰ বাবে তেওঁকো পদচ্যুত কৰে।
তেখেতে আনকি লানতুৰ্বানৰ বংশৰ আটাইবোৰ মানুহক ৰাজ্যৰ পৰা তুলি নি দুৰিয়াজান নামে জান এটাৰ পাৰত বহুৱাইছিল।এই ঠাইখনকেই খুমটাই বুলি জনা যায়।
(লানতুৰ্বান স্বর্গদেউ চ্যুকাফাৰ লগত অহা খুনটাই বংশৰ লোক আছিল)
চ্যু পিম ফা ৰজাৰ এগৰাকী ৰাণীক  ৰজাই এজন নগা মুখীয়ালৈ দি পঠাইছিল।সেই সময়ত ৰাণী গৰ্ভৱতী আছিল।এই ৰাণীৰ পুত্ৰই পাছলৈ আহোম বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ স্থান পাইছিল। সেই বিষয়ে পৰৱৰ্তী খণ্ডত লিখা হব।
ৰহস্যজনক ভাবে চ্যু পিম ফাৰ ১৪৯৭ চনত মৃত্যু হয়।







  পৰৱৰ্তী খণ্ডৰ বাবে ইয়াত ক্লিক কৰক Written by Bikash ,   সহায়ক গ্ৰন্থসমূহ --- খাম ৰাপ, অসম ইয়াৰ বুক, Glimpses into The History of Assam

Post a Comment

0 Comments