কমতা ৰাজ্যৰ অলপ কথা (প্ৰথম খণ্ড)

কমতা ৰাজ্য স্থাপন কৰিছিল ৰজা সন্ধ্যাই।

১২৫৭ চনত বংগৰ শাসন কৰ্তা ইখতিয়াৰুদ্দিন মালিক তুঘ্ৰীল খাঁই কামৰূপ আক্ৰমণ কৰি ৰাজধানী দখল কৰে। সেই সময়ত কামৰূপৰ ৰজা আছিল সন্ধ্যা । তেওঁ আছিল কামৰূপৰ ৰজা পৃথুৰ বংশৰ শেষ ৰজা। পাছত সন্ধ্যাই প্ৰত্যাক্ৰমণ কৰি ৰাজধানী উদ্ধাৰ কৰে।এই আক্ৰমণতেই  তুঘ্ৰীল খাঁইৰ মৃত্যু হয়।ইয়াৰ পাছতেই সন্ধ্যাই কামৰূপৰ ৰাজধানী পশ্চিমে কমতাপুৰলৈ তুলি নিয়ে।তেতিয়াৰ পৰাই এই ৰাজ্যক কমতা নামেৰে জনা যায়।

আহোম বুৰঞ্জী অনুসৰি কমতা ৰজা প্ৰতাপধ্বজে নিজৰ জীয়েক ৰজনীক আহোম ৰজা চ্যুখাঙফালৈ বিয়া দি মিত্ৰতা কৰিছিল।

কমতা ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল দুৰ্লভ নাৰায়ণ।তেখেতৰ ৰাজসভাৰ বিখ্যাত কবিসকল আছিল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰ।

ৰুদ্ৰ কন্দলি আৰু মাধৱ কন্দলি তেওঁলোকৰ সমসাময়িক আছিল।

হেম সৰস্বতীৰ ৰচনাকেই অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপ বুলি আখ্যা দিয়া হৈছে।তেখেতৰ 'প্ৰহ্লাদ চৰিত'ত অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন পোৱা যায়।

হৰিবৰ বিপ্ৰই বব্ৰুৱাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ, তাম্ৰধ্বজৰ যুদ্ধ ৰচনা কৰিছিল । 

মাধৱ কন্দলীয়েই পোনপ্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰি সপ্তকাণ্ড ৰামায়ণ নামে ৰচনা কৰিছিল

দুৰ্লভ নাৰায়ণৰ শাসন কালতেই কমতা ৰাজ্য দুভাগত বিভক্ত হয়।

ৰাজ্যৰ দক্ষিণ সীমান্তৰ(বৰ্তমান বাংলাদেশৰ ৰংপুৰ আৰু মৈমনসিং) ৰজা হয় ধৰ্মনাৰায়্ণ । তেখেতে গৌৰেশ্বৰ উপাধি লয়।

বাকী অংশৰ ৰজা দুৰ্লভ নাৰায়ণ হয় । তেখেতে কামেশ্বৰ উপাধি লয়।

ৰজা ধৰ্মনাৰায়ণে সাতটা ব্ৰাহ্মণ আৰু সাতটা কায়স্থ পৰিয়াল দুৰ্লভ নাৰায়ণৰ ৰাজ্যলৈ দিছিল।এই পৰিয়াল কেইটাৰ ভিতৰত কায়স্থ পৰিয়ালৰ চণ্ডীবৰ পাছলৈ ভূঞা ৰজা হৈছিল।শ্ৰীমন্ত শংকৰদেৱ এই চণ্ডীবৰৰ বংশৰ চতুৰ্থ পুৰুষ আছিল। 

ইয়াৰ পাছৰখিনি ইতিহাসত বুৰঞ্জীবিদসকলৰ মতভেদ দেখা যায়। সেইখিনি আগলৈ ...


Written by Bikash,     References --- অসম ইয়াৰ বুক, Glimpses into The History of Assam, Wikipedia



Post a Comment

0 Comments