অগ্নিপথ

 



কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সামৰিক বাহিনীত জোৱান নিযুক্তিৰ বাবে 14 জুন 2022 ত এক আঁচনি ঘোষণা কৰে যাৰ নাম 'অগ্নিপথ'। এই আঁচনিৰ মূল লক্ষ্য হৈছে অভিজ্ঞ বিষয়াৰ আৰু যুৱ শক্তিৰ সমতা ৰাখি তথা কাৰিকৰীভাৱে সুনিপুন সশস্ত্ৰ বাহিনী তৈয়াৰ কৰা ।


 অগ্নিপথ আঁচনিৰ জৰিয়তে প্ৰতিবছৰে 45k-50k জোৱান ভাৰতীয় সামৰিক বাহিনীত নিযুক্তিৰ লক্ষ্য লোৱা হৈছে। স্থল সেনা, বায়ু সেনা আৰু নৌ সেনা বাহিনীত 17.5 বছৰৰ পৰা 21 বছৰ বয়সৰ যুৱক-যুৱতীক 4 বছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি প্ৰদান কৰা হ'ব। চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পাছত 25% জোৱানক স্থায়ীভাৱে মকৰল কৰা হ'ব আৰু বাকী 75% জোৱানক বিদায় দিয়া হ'ব। এই আঁচনিৰ জৰিয়তে অৱশ্যে বিষয়া ৰেংকৰ তলৰ পদৰ বাবেহে জোৱান নিযুক্তি দিয়া হ'ব।এই আঁচনিৰ জৰিয়তে সশস্ত্ৰ বাহিনীৰ দৰমহা আৰু পেঞ্চন বিল হ্ৰাস কৰা হ'ব।


অগ্নিপথ আঁচনিৰ জৰিয়তে দেশ সেৱা কৰিবলৈ সুবিধা যোৱা প্ৰতিজন জোৱানকে অগ্নিবীৰ নামেৰে জনা যাব।

প্ৰতিজন অগ্নিবীৰৰ প্ৰাৰম্ভিক বছৰৰ দৰমহা হ'ব প্ৰতিমাহে 30k (21k+9k)

দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বছৰত প্ৰতিমাহৰ দৰমহা ক্ৰমে 33k, 36.5k আৰু 40k হ'ব বুলি কোৱা হৈছে।

প্ৰতিজন অগ্নিবীৰে চাৰি বছৰৰ পাছত 11.71 লাখ টকাৰ সেৱা নিধি পেকেজ লাভ কৰিব আৰু এইয়া আয়কৰ ৰেহাই যুক্ত হ'ব।

এই আঁচনিৰ জৰিয়তে ভাৰতীয় সেনা জোৱানৰ গড় বয়স বৰ্তমানৰ 32 ৰ পৰা 24-26 লৈ অনাই অন্যতম উদ্দেশ্য।


বহু অভিজ্ঞ বিষয়াৰ মতে এই আঁচনি কায্যকৰী কৰাৰ আগতে আঁচনিখনৰ দক্ষতা আৰু গ্ৰহণযোগ্যতাৰ বাবে এক পাইলট প্ৰজেক্ট লোৱাটো আৱশ্যক আছিল। এই আঁচনিয়ে সেনা বাহিনীত জোৱান সকলক দুই ভাগত বিভক্ত কৰি তুলিব - নিয়মীয়া জোৱান আৰু অগ্নিবীৰ।

তাৰোপৰি কোৱা হৈছে যে চাৰিবছৰ সম্পূৰ্ণ কৰি অহা ওলাই অহা অগ্নিবীৰসকলক অৰ্ধসামৰিক আৰু পুলিচবাহিনীত আৰু অন্যান্য বিষয়ত অগ্ৰাধিকাৰ দিয়া হ'ব, ইয়ে পূৰ্বৰ পৰা নিবনুৱা হৈ থকা যুৱক যুৱতীসকলকৰ সংস্থাপনত যথেষ্ট প্ৰভাৱ পেলাব। 

আঁচনিখনৰ বিৰুদ্ধে ইতিমধ্যে ঠায়ে ঠায়ে প্ৰতিবাদ কৰা দেখা গৈছে।

অৱশ্যে আঁচনিখনৰ সফলতা বা বিফলতা তেতিয়াহে গম পোৱা যাব যেতিয়া ই কায্যকৰী হ'ব।


Information uploaded by Bikash

Post a Comment

0 Comments