কোঁচ ৰাজ্য

 প্ৰায় ১৬শ শতিকাত কোঁচ ৰাজবংশীয় বীৰ পুৰুষ বিশ্ব সিংহই (১৫১৫-১৫৪০) কোঁচ ৰাজ্য প্ৰতিষ্ঠা কৰে।

১৫৩৭ চনত বিশ্ব সিংহই আহোম ৰাজ্য আক্ৰমণ কৰে কিন্তু তেওঁ পৰাস্ত হোৱাৰ উপক্ৰম হোৱাত আহোম ৰজা চুহুংমুঙৰ লগত মিত্ৰতা কৰে।

মল্লদেৱ, শুক্লধ্বজ, নৰসিংহ, গোহাঁই কমলকে ধৰি বিশ্ব সিংহৰ মুঠ জন পুত্ৰ আছিল।

১৫৪০ চনত বিশ্ব সিংহৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত বৰ পুত্ৰ মল্লদেৱ ৰজা হয়। মল্লদেৱ ৰজা হৈ নৰনাৰায়ণ নাম লয়। শুক্লধ্বজ নৰনাৰায়ণৰ সেনাপতি হয় আৰু চিলাৰায় নামেৰে জনা যায়। নৰনাৰায়ণৰ দিনতে কোঁচ ৰাজ্যৰ গৌৰৱে উচ্চ শিখৰ চুমিছিল। কাষৰীয়া জয়ন্তীয়া, কাছাৰী, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য কোঁচ ৰাজ্যৰ তলতীয়া হৈছিল।

কোঁচসকলৰ আহোমৰ লগতেই প্ৰথম যুদ্ধ হৈছিল আৰু এই যুদ্ধ দীর্ঘকালীন আছিল।

নৰনাৰায়ণৰ দিনতে কোঁচবিহাৰৰ পৰা নাৰায়নপুৰলৈ এটা পথ নিৰ্মাণ কৰা হৈছিলএই পথ নিৰ্মাণৰ দায়িত্বত নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমল আছিল বাবে এই পথটোৰ নাম গোহাঁই কমল আলি হয়।

নৰনাৰায়ণ এজন শান্তি প্রিয় ৰজা আছিল। তেখেতে মুছলমানে ধ্বংস কৰি থৈ যোৱা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰৰ শিলত খোদিত নৰনাৰায়ণ আৰু চিলাৰায়ৰ ছবিয়েই তাৰ প্ৰমাণ।

তেওঁৰ দিনতে অসমীয়া সাহিত্য-সংস্কৃতিৰ বহুখিনি উন্নতি সাধন হয়। শংকৰদেৱে তেখেতৰ পৃষ্ঠপোষকতাতে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ পৃষ্ঠপোষকতাতে ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল। অনন্ত কন্দলিয়ে ভাগৱত অসমীয়াত ৰচনা কৰিছিল। চিলাৰায়ৰ অনুৰোধত শংকৰদেৱে ৰামবিজয় আৰু মাধৱদেৱে জন্ম ৰহস্য ৰচনা কৰে।

নৰনাৰায়ণে নাৰায়ণী মুদ্ৰা নামেৰে সোণ আৰু ৰূপেৰে প্ৰস্তুত এবিধ মুদ্ৰাৰ প্ৰচলন কৰিছিল।

১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যু হয়।

নৰনাৰায়ণৰ মৃত্যুৰ আগতেই কোঁচ ৰাজ্য দুভাগত বিভক্ত হয়।

ৰাজ্যৰ পূব অংশ চিলাৰায়ৰ পুত্ৰ ৰঘুনাৰায়ণক দিয়া হৈছিল। ৰঘুৰ ৰাজ্য ভৰালী নদীৰ পৰা সংকোশ নদীলৈ বিস্তৃত আছিল।তেখেতৰ ৰাজ্যক কোঁচ হাজো বুলি জনা গৈছিল। ৰঘুনাৰায়ণ সাহসী আৰু স্বাধীন ৰজা আছিল যদিও বংগৰ আফগান ভূঞা আৰু ইছা খানৰ আক্ৰমণত ৰাজ্যৰ পূব অংশ হেৰুৱাই।ৰঘুনাৰায়ণয়ে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। ১৫৯৩ চনত ৰঘুনাৰায়ণৰ মৃত্যু হয়।

ৰাজ্যৰ বাকী অংশ শাসন কৰিছিল নৰনাৰায়ণৰ পুত্ৰ লক্ষীনাৰায়ণয়ে। লক্ষীনাৰায়ণৰ ৰাজ্যক কোঁচ বিহাৰ বুলি জনা গৈছিল। তেখেতে ১৫৮৫ চনত আহোম ৰজা চ্যুখামফালৈ নিজৰ কন্যা সংকলাক বিয়া দি মিত্ৰতা স্থাপন কৰিছিল।

ৰঘুনাৰায়ণৰ মৃত্যুৰ পাছত পুত্ৰ পৰীক্ষিত নাৰায়ণ কোঁচ হাজোৰ ৰজা হয়। ৰজা হৈ কোঁচ বিহাৰৰ লগত যুদ্ধ আৰম্ভ হয়। কোঁচ বিহাৰৰ ৰজা লক্ষীনাৰায়ণয়ে গৈ আহোমৰ সহায় বিচাৰে।ইতিমধ্যে তেওঁৰ আহোম ৰাজ্যৰ লগত মিত্ৰতা স্থাপন হৈছিল।

ইফালে ১৬০৮ চনত পৰীক্ষিত নাৰায়ণয়ে নিজৰ জী মংলদেহীক আহোম ৰজা প্ৰতাপ সিংহলৈ বিয়া দি মিত্ৰতা কৰাত আহোমে দুই কোঁচ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লয়।

আহোমৰ সহায় নাপাই লক্ষী নাৰায়ণে মোগলৰ সহায় বিচাৰে। তেওঁ নিজকে মোগলৰ তলতীয়া ৰজা হিচাপে ঘোষণা কৰে। সেই সময়ত দিল্লীৰ সম্ৰাট আছিল আকবৰ ১৬১২ চনত লক্ষী নাৰায়ণে মোগল চুবেদাৰ ইছলাম খানক কোঁচ হাজো আক্ৰমণৰ বাবে অনুৰোধ কৰে।

অনুৰোধ মৰ্মে ইছলাম খানে মোক ৰাম খানৰ নেতৃত্বত এদল সেনা হাজো অভিমুখে প্ৰেৰণ কৰে। মোগল সেনাই হাজো আক্ৰমণ কৰি ধুবুৰী দখল কৰে পাছত পৰীক্ষিতে মোগলৰ লগত শান্তি চুক্তি কৰিব খুজি সফল নহৈ আহোমৰ সহায় ভিক্ষা কৰে। কিন্তু আশানুৰোপ সঁহাৰি নাপাই অকলেই যুদ্ধ কৰি শেষত ১৬১৩ চনত আত্মসমৰ্পন কৰে।পাছত মোগল সম্ৰাট জাহাঙ্গীৰ লগত এখন চুক্তি হয় আৰু চুক্তি মতে পৰীক্ষিতে পুনৰ ৰাজ্য ঘূৰাই পায় বিনিময়ত লাখ টকা মোগল সম্ৰাটক দিব লগা হয়।পৰীক্ষিতৰ মৃত্যুৰ পাছত কোঁচ হাজো ৰাজ্য মোগলৰ অধীন হয়।

কোঁচ হাজো মোগলে দখল কৰাত পৰীক্ষিতৰ ভাতৃ বলী নাৰায়ণ আহোম ৰাজ্যলৈ পলাই যায় মোগলে আহোম ৰাজ্যও আক্ৰমণ কৰিবলৈ অহাত আহোম সৈন্যৰ হাতত বিধস্ত হয়। আহোমে কোঁচ হাজো উদ্ধাৰ কৰে আৰু ১৬১৬ চনত বলীনাৰায়ণক ৰজা পাতে। তেখেত আহোমৰ তলতীয়া ৰজা হিচাপে থাকে।

ৰজা হোৱাৰ পাছত বলীনাৰায়ণয়ে ধৰ্মনাৰায়ণ নাম লয় আৰু তেওঁৰ পৰাই দৰঙী ফৈদৰ সৃষ্টি হয়।১৬৩৭ চনত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পাছত পুত্ৰ মহেন্দ্ৰ নাৰায়ণ দৰঙী ৰজা হয়।

এনেদৰেই কোঁচ ৰাজ্য বিভক্ত হৈ শেষত কোঁচ বিহাৰ মোগলৰ তলতীয়া আৰু কোঁচ হাজো আহোমৰ তলতীয়া ৰাজ্য হৈ ৰয়।

Post a Comment

0 Comments