কৃষ্ণগহ্বৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল

                                                                                                                                                                                                

 

 ২০২০ চনৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ৰজাৰ পেনৰোজ, জাৰ্মানীৰ ৰেইনহাৰ্ড জেনজেল আৰু কেলিৰ্ফোৰ্নিয়া বিশ্ববিদ্যালয়ৰ এণ্ড্ৰিয় হেজক প্ৰদান কৰা হৈছে।  
  
 কৃষ্ণগহ্বৰৰ তাত্ত্বিক গাঁথনি আৱিষ্কাৰৰ বাবে পেনৰোজক বঁটাৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে । আমাৰ তাৰাকা ৰাজ্য হাটিপটিৰ কেন্দ্ৰত এক বিশাল কৃষ্ণগহ্বৰৰ অস্তিত্বৰ আবিষ্কাৰৰ বাবে বঁটাৰ বাকী অৰ্ধাংশ জেনজেল আৰু হেজক প্ৰদান কৰা হয়  
 
ড. হেজ হৈছে পদাৰ্থ বিজ্ঞানৰ  নোবেল লাভ কৰা চতুৰ্থ গৰাকী মহিলা।

১৯০১ চনৰ পৰা মুঠ ১১৪ টা পদাৰ্থ বিজ্ঞানৰ নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছে। ড. হেজৰ আগতে, কেৱল তিনিগৰাকী মহিলাইহে
নোবেল বঁটা লাভ কৰিছিল : মেৰী কুৰি (1903, বিকিৰণ পৰিঘটনাৰ বাবে), মাৰিয়া গপেৰ্ট-মেয়াৰ (1963, নিউক্লিয়াৰ শ্বেল গাঁথনি), ডনা স্ট্ৰিকিক (2018, আল্ট্ৰাচৰ্ট, উচ্চ-তীব্ৰতা লেজাৰ পাল )।  

 
 

 

Post a Comment

0 Comments